ETV Bharat / entertainment

ভাগিনৰ প্ৰথম ছবিক লৈ আবেগিক হৈ পৰিল মোমায়েক অভিষেক বচ্চন

author img

By ANI

Published : Dec 6, 2023, 5:15 PM IST

The Archies: অগস্ত্য নন্দাৰ বলীউডত আত্মপ্ৰকাশক লৈ আবেগিক হৈ পৰিল মোমায়েক অভিষেক বচ্চন । অভিষেকে ভাগিনৰ সৈতে নিজৰ এখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ক’লে এই কথা ।

Abhishek Bachchan pens adorable note for nephew Agastya Nanda ahead of 'The Archies' release
ভাগিন অগস্ত্যৰ বলিউডত আত্মপ্ৰকাশক লৈ আবেগিক হৈ পৰিল মোমায়েক অভিষেক

চিটাৰা ডেস্ক, ৬ ডিচেম্বৰ: অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দা বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে । ‘দ্য আৰ্চিজ’ ছবিখনৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিবলৈ ওলাইছে অগস্ত্যই ৷ মঙলবাৰে নিৰ্মাতাসকলে এই ছবিখনৰ বিশেষ দৰ্শনীৰ আয়োজন কৰিছিল । সমগ্ৰ বচ্চন পৰিয়ালে অগস্ত্য নন্দাক সমৰ্থন কৰিবলৈ উপস্থিত হৈছিল ছবিখনৰ দৰ্শনীত । ইফালে ভাগিনৰ বলীউডত খোজ দিয়াক লৈ সুখ প্ৰকাশ কৰিছে মোমায়েক অভিষেক বচ্চনে ৷ ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰি হৃদয়স্পৰ্শী বাৰ্তা লিখিছে অভিনেতাগৰাকীয়ে । অগস্ত্যৰ মাতৃ শ্বেতা বচ্চনেও তেওঁৰ পুত্ৰৰ এখন ব্লেক এণ্ড ৱাইট ফটো শ্বেয়াৰ কৰিছে ।

অভিষেক বচ্চনে ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজৰ ভাগিন অগস্ত্যক সাজু হোৱাত সহায় কৰা দেখা গৈছে । এই মৰমলগা ফটোখন শ্বেয়াৰ কৰি অভিষেকে কেপচনত লিখিছে, “আপুনি মাত্ৰ হাতখন আগবঢ়াই দিব লাগিব আৰু মই আপোনাৰ হাতখন ধৰিবলৈ তাত থাকিম । মোৰ প্ৰিয় অগস্ত্য, চিনেমা জগতলৈ স্বাগতম ! ”

পুত্ৰ অগস্ত্যৰ বলীউডত আত্মপ্ৰকাশক লৈ সুখ প্ৰকাশ কৰিলে শ্বেতা বচ্চনে

শ্বেতা বচ্চনেও একে ঠাইৰ ফটো শ্বেয়াৰ কৰি পুত্ৰৰ বলীউডত আত্মপ্ৰকাশক লৈ সুখ প্ৰকাশ কৰিছে । ফটোখনত অমিতাভ বচ্চনকো বেকগ্ৰাউণ্ডত বহি থকা দেখা গৈছে আৰু তেওঁ অগস্ত্যলৈ চাই থকা দেখা গৈছে । ছবিখনত শ্বেতা বচ্চনেও নিজৰ পুত্ৰৰ ওপৰত মৰমৰ বৰষুণ দিয়া দেখা গৈছে । কোঠাটোত নব্য (শ্বেতাৰ কন্যা আৰু অগস্ত্যৰ ভগ্নী) আৰু অগস্ত্যৰ বহু ছবি দেখা গৈছে । আনকি অভিষেক আৰু ঐশ্বৰ্যৰ বিয়াৰ ফটোখনো বেৰত ওলমি আছিল । শ্বেতাই এই ছবিখনৰ সৈতে কেৱল বগা হৃদয়ৰ ইমোজি কেপচনহে পোষ্ট কৰিছে ।

অগস্ত্যৰ ছবিখনৰ প্ৰিমিয়াৰত অংশ লৈছিল সমগ্ৰ বচ্চন পৰিয়ালে

উল্লেখ্য যে, অগস্ত্য নন্দাৰ বলীউডত আত্মপ্ৰকাশ কৰাক লৈ সমগ্ৰ বচ্চন পৰিয়াল অতিশয় সুখী । মঙলবাৰে ‘দ্য আৰ্চিজ’ৰ বিশেষ দৰ্শনীৰ আয়োজন কৰা হৈছিল, এই দৰ্শনীত অমিতাভ বচ্চন, জয়া বচ্চন, অভিষেক বচ্চন, শ্বেতা বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন, আৰাধ্যা আৰু নব্য নভেলী নন্দা আটাইকেইগৰাকী অগস্ত্য নন্দাক সমৰ্থন কৰিবলৈ আহিছিল ।

'দ্য আৰ্চিজ' পৰিচালনা কৰিছে জ’য়া আখতাৰে

‘দ্য আৰ্চিজ’ৰ পৰিচালনা কৰিছে জ’য়া আখতাৰে । এই ছবিখন জনপ্ৰিয় কমিকছৰ ভাৰতীয় অভিযোজন । অগস্ত্য নন্দা, সুহানা খান, খুশী কাপুৰকে ধৰি বহু নতুন মুখে ছবিখনৰ পৰাই অভিনয় জীৱন আৰম্ভ কৰিছে। ৭ ডিচেম্বৰত নেটফ্লিক্সত মুক্তি পাব এই ছবিখন।

লগতে পঢ়ক: উপাৰ্জনৰ ক্ষেত্ৰত গদৰ ২, পাঠান, কে জি এফ ২ ক চেৰ পেলালে এনিমেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.