ETV Bharat / entertainment

গ্ৰেমীৰ মঞ্চত প্ৰথমবাৰলৈ পাকিস্তানী গায়িকা আৰুজ আফতাবৰ বঁটা লাভ - গ্ৰেমি বঁটা বিজয়ী 2022

ব্ৰুকলিনস্থিত আৰুজ আফতাব গ্ৰেমী বঁটা লাভ কৰা প্ৰথমগৰাকী পাকিস্তানী গায়িকা হিচাপে বিবেচিত হৈছে (Grammy awards 2022 winners) ৷ হলিউডৰ আটাইতকৈ ডাঙৰ সংগীত বঁটা প্ৰদান অনুষ্ঠানত "মহব্বত" গানটোৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হয় গায়িকাগৰাকীয়ে ৷

Grammy awards 2022 winners
গ্ৰেমি বঁটা লাভ কৰা প্ৰথমগৰাকী পাকিস্তানী গায়িকা
author img

By

Published : Apr 5, 2022, 2:01 PM IST

চিটাৰা ডেস্ক, 5 এপ্ৰিল: সোমবাৰে লাছ ভেগাছত অনুষ্ঠিত হৈ যোৱা 64 সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত (Grammy 2022) প্ৰথমবাৰৰ বাবে বঁটা লাভ কৰিলে পাকিস্তানৰ এগৰাকী মহিলা সংগীতশিল্পীয়ে ৷ ব্ৰুকলিনত থকা পাকিস্তানী সংগীত শিল্পী আৰুজ আফতাবে লাভ কৰিলে এই সাফল্য (Grammy awards 2022 winners) ৷

পাকিস্তানী গায়িকা আৰুজ আফতাবে হলিউডৰ আটাইতকৈ ডাঙৰ সংগীতানুষ্ঠানটিত বঁটা লাভ কৰি গৌৰাৱান্বিত কৰিলে নিজৰ দেশবাসীক ৷ বঁটা বিতৰণীৰ নিশা আৰুজে তেওঁৰ 'মহব্বত' গানটোৰ বাবে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰদৰ্শন শাখাত এই বঁটা লাভ কৰে (Grammy award to Pakistani singer) ৷

Grammy awards 2022 winners
সংগীত শিল্পী

গ্ৰেমি বঁটা বিতৰণী নিশা অনুষ্ঠান কৰা ৰেকৰ্ডিং একাডেমীয়ে ঘোষণা কৰে যে, বঁটা লাভৰ পিছত গায়িকা-সুৰকাৰ আৰুজ আফতাব "প্ৰথম মহিলা পাকিস্তানী গ্ৰেমি বিজয়ী" হৈ পৰিছে ৷ চৌদি আৰৱত প্ৰবাসী পাকিস্তানী পৰিয়াল এটাত জন্মগ্ৰহণ কৰিছিল আৰুজে ৷ বঁটা লাভৰ পিছতেই নিজৰ ইনষ্টগ্ৰাম হেণ্ডেলৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰে তেওঁ ৷

নিজৰ সফলতাত সুখী হৈ আফতাবে নিজৰ লগতে সংগীত ক্ষেত্ৰখনৰ বাবে গৌৰৱ অনুভৱ কৰাৰ বুলি মত প্ৰকাশ কৰে ৷ বিভিন্ন ধৰণৰ সংগীত শৈলী যেনে জেজ, মিনিমেলিজ্ম আৰু নিঅ’-চুফীৰ সৈতে জড়িত হৈ থকা সংগীত শিল্পী গৰাকীয়ে অনুষ্ঠানৰ নিশাটোত সংগীতক সামূহিকভাৱে উদযাপন কৰা হয় বুলি মন্তব্য কৰে ৷ আৰুজ আফতাবৰ এই কৃতিত্বক লৈ গৌৰৱান্বিত পাকিস্তানী অভিনেত্ৰী মাহিৰা খান (Grammy winners) ৷

অৱশ্যে, এইটো এতিয়ালৈকে স্পষ্ট নহয় যে আফতাব গ্ৰেমী জয় কৰা প্ৰথমগৰাকী পাকিস্তানী শিল্পী নে প্ৰথম পাকিস্তানী মহিলা!

আৰুজ আফতাবক গ্ৰেমীৰ শ্ৰেষ্ঠ নতুন শিল্পী শাখাতো মনোনীত কৰা হৈছিল (Grammy nominations) ৷ অৱশ্যে পিছত অলিভিয়া ৰড্ৰিগোৱে এই বঁটা লাভ কৰিবলৈ সক্ষম হয় । 'ভালচাৰ প্ৰিন্স' (Vulture Prince) এলবামত সন্নিৱিষ্ট আফতাবৰ গান "মহব্বত" আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাৰ ২০২১ বৰ্ষৰ গ্ৰীষ্মকালীন প্লেলিষ্টত প্ৰদৰ্শিত হৈছে ।

লগতে পঢ়ক: Grammy awards 2022: ভাৰতীয়-আমেৰিকান গায়িকা ফাল্গুনী শ্বাহলৈ গ্ৰেমি বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.