ETV Bharat / entertainment

Spider Man Trailer: স্পাইডাৰ-মেনত নিজৰ কণ্ঠস্বৰ নিগৰালে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে

ক্ৰিকেটাৰ শুভমন গিলে নিজৰ লুকাই থকা প্ৰতিভা প্ৰদৰ্শন কৰা দেখা গৈছে । তেওঁ হলীউডৰ ছবি স্পাইডাৰ-মেন এক্ৰছ দ্য স্পাইডাৰ-ভাৰ্ছৰ অংশ হৈ পৰিছে আৰু দুটা ভাষাৰ বাবে কণ্ঠদান কৰিছে । ক্ৰিকেটৰ পিছত এতিয়া তেওঁ মনোৰঞ্জন জগততো অনুৰাগীক সন্তুষ্ট কৰিবলৈ সাজু হৈছে ।

Cricketer Shubman Gill became the voice of Spider-Man, funny trailer released
স্পাইডাৰ-মেনত নিজৰ কণ্ঠস্বৰ নিগৰালে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে
author img

By

Published : May 18, 2023, 6:08 PM IST

Updated : May 18, 2023, 6:18 PM IST

চিটাৰা ডেস্ক, 18 মে’: হলিউডৰ ছবি স্পাইডাৰ মেন এক্ৰছ দ্য স্পাইডাৰ-ভাৰ্ছৰ ট্ৰেইলাৰ ইতিমধ্যে মুকলি হৈছে । কাৰ্টুন একচনেৰে ভৰপূৰ এই ছবিখনে ভাৰততো বৃহৎ পৰিসৰত মুক্তি লাভ কৰিবলৈ গৈ আছে । সমগ্ৰ দেশতে মুঠ ১০টা ভাষাত মুক্তি পাব এই কাৰ্টুন ছবিখন ।

ক্ৰিকেটৰ জগতখনত নিজৰ অদ্ভূদ বেটিঙেৰে মানুহক আপ্লুত কৰা শুভমন গিলে এতিয়া কলাক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াইছে । হিন্দী আৰু পঞ্জাবী ভাষাৰ বাবে কণ্ঠদান কৰাৰ লগতে ট্ৰেইলাৰ মুকলিৰ অংশ হৈ পৰিছে ।

ছবিখনৰ ট্ৰেইলাৰৰ কথা ক’বলৈ গ’লে সম্পূৰ্ণ একচন আৰু মনোৰঞ্জনেৰে ভৰা ছবিখন । এই ছবিখনৰ বিষয়ে বহুদিন ধৰি চৰ্চা চলিছিল আৰু ইয়াৰ ইংৰাজী সংস্কৰণৰ বাবে হাইলী ষ্টেইনফেল্ড, অস্কাৰ আইজাক, জেক জনছনকে ধৰি বহু শিল্পীয়ে নিজৰ কণ্ঠদান কৰিছে । হিন্দী, ইংৰাজী আৰু পঞ্জাবীৰ উপৰিও ছবিখন তামিল তেলেগু, গুজৰাটী, মাৰাঠী, বাংলা, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি লাভ কৰিব ।

আনকি ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ সময়তো শুভমনগিল অতি সক্ৰিয় আছিল আৰু অনুৰাগীৰ মনোৰঞ্জনৰ বাবে কিছু ষ্টাণ্ট কৰিছিল । আপোনালোকক কওঁ যে স্পাইডাৰ মেন ছিৰিজৰ এই ছবিখনে একেলগে ১০টা ভাষাত মুক্তি পোৱা প্ৰথমখন হলিউডৰ ছবি হিচাবে পৰিগণিত হৈছে। ইয়াৰ আগতে কোনো এখন ছবি একেলগে ইমানবোৰ ভাষাত মুক্তি পোৱা নাছিল । ইয়াত শুভমনগিলে স্পাইডাৰ-মেনৰ হিন্দী আৰু পঞ্জাবী সংস্কৰণৰ বাবে নিজৰ কণ্ঠ দিছে ।

ছবিখনৰ কথা ক’বলৈ গ’লে ১ জুনত ভাৰতীয় চিনেমা হলত মুক্তি লাভ কৰিব । শুভমনগিলৰ এই নতুন কামৰ বিষয়েও ছ’চিয়েল মিডিয়াত বহু চৰ্চা লাভ কৰিছে । তেওঁৰ কামে বিভিন্নজনৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । এজন ব্যক্তিয়ে লিখিছে – শুদ্ধকৈ ডাব কৰিছে । আন এজন ব্যক্তিয়ে লিখিছে – ইধৰ ভি চেঞ্চুৰী মাৰেগা । বহু লোকেও ইয়াৰ বিৰোধিতা কৰা দেখা গ’ল । এজন ব্যক্তিয়ে ক'লে - ভাৰতত ডাবিং আৰ্টিষ্টৰ অভাৱ আছেনে, যিয়ে সেইটো সম্ভৱ কৰি তুলিলে । আন এজন ব্যক্তিয়ে ক'লে - এই কাৰণেই আমাৰ দেশত ডাবিং শিল্পীয়ে সংগ্ৰাম কৰিবলগীয়া হয় ।

লগতে পঢ়ক: Urvashi Rautela: এইবাৰ কিহৰ বাবে সমালোচনাৰ পাত্ৰ হ’ল উৰ্বশী ৰাউটেলা ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন

Last Updated : May 18, 2023, 6:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.