নিউজ ডেক্স, 9 ডিচেম্বৰ : কৰ্ণাটকৰ উপনিৰ্বাচনত বিজেপিৰ সংখ্যাগৰিষ্ঠতা ৷ সম্পূৰ্ণ হ'ল কৰ্ণাটক উপনিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া ৷ কৰ্ণাটকৰ 15 টা সমষ্টিৰ বাবে অনুষ্ঠিত উপনিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপি দলে 12 টা সমষ্টিত জয়লাভ কৰি কৰ্ণাটক মন্ত্ৰীসভাত সংখ্যাগৰিষ্ঠতা অক্ষুন্ন ৰাখে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে দুটা সমষ্টিত আৰু এটা সমষ্টিত জয়লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে ৷ উপনিৰ্বাচনৰ ফলাফলৰ পিছত বৰ্তমান কৰ্ণাটকৰ বিধানসভাৰ 222 জন বিধায়কৰ 117 জন বিজেপি বিধায়ক ৷
হ'আৰু পঢ়ক : কেবৰ পূৰ্বে নতুন দিল্লীত সম্পন্ন কংগ্ৰেছৰ বৈঠক