ETV Bharat / crime

ড্ৰাগছসহ বাইহাটাত দুজন সৰবৰাহকাৰী আটক - কামৰূপ জিলা

বাইহাটাত বুজন পৰিমানৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক ৷ কামৰূপ আৰক্ষী আৰু বাইহাটা আৰক্ষীৰ যৌথ অভিযানত ড্ৰাগঢ সৰবৰাহকাৰীকেইটাক আটক কৰা হয় ৷

Drugs With two Paddlers Arrested By Police At Baihata
বুজন পৰিমানৰ ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী আটক
author img

By

Published : Aug 4, 2021, 2:07 PM IST

বাইহাটা, 4 আগষ্ট : অসমক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) ৷ ইতিমধ্যে ড্ৰাগছ (Drugs) তথা সকলো নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী(Assam Police)ক নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সমগ্ৰ অসমতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সস্তম হৈ পৰিছে অসম আৰক্ষী ।

বুজন পৰিমানৰ ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী আটক

সমান্তৰালকৈ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে(Kamrup Police) ইটোৰ পাচত সিটো অভিযান চলাই আছে । এক গোপন সূত্ৰৰ পম খেদি বুধবাৰেও কামৰূপ আৰক্ষী আৰু বাইহাটা আৰক্ষীয়ে (Baihata Police)এটা অভিযান চলায় ৷ আৰক্ষীয়ে অভিযান চলাই প্ৰথমে বাইহাটা চাৰিআলিৰ মদন কামদেৱৰ ওচৰৰ চাংসাৰীৰ পৰা কুলেন ডেকা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷

তাৰ পাচতে ধৃত কুলেন ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত ভৈৰৱ ডেকা নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷

Drugs With two Paddlers Arrested By Police At Baihata
বুজন পৰিমানৰ ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী আটক

ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত লোককেইজনৰ ঘৰৰ পৰা ড্ৰাগছৰ 18 টা প্লাষ্টিক কন্টেইনাৰ জব্দ কৰা হৈছে । আৰক্ষীৰ অভিযানকাৰী দলটোৱে এখন দুচকীয়া বাহন আৰু 9,800 টকা জব্দ কৰাৰ লগতে ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা দুটা ম'বাইল ফোনো জব্দ কৰে ।

লগতে পঢ়ক - মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ মূল্য কেইবা লক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে । ইতিমধ্যে আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ অন্ততহে ড্ৰাগছ সৰবৰাহত জড়িত থকা অন্য লোকসকলৰ বিষয়ে জানিব পৰা যাব ৷

উল্লেখ্য যে, ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতো কামৰূপ জিলাৰ বাইহাটাকে আদি কৰি বিভিন্ন অঞ্চলত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ বেহা ৷ ইয়াৰ বিপৰীতে আৰক্ষীয়েও দীৰ্ঘ দিন ধৰি ইটোৰ পাচত সিটো ড্ৰাগছ মাফিয়াক আটক কৰাৰ লগতে জব্দ কৰিছে লাখ লাখ টকাৰ ড্ৰাগছ ৷

লগতে পঢ়ক - আটক হ’ল বগা আৰু টেকেলি নামৰ দুই কুখ্যাত ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.