ETV Bharat / crime

নামঘৰৰ বাৰান্দাত হুকহুকাই কান্দিলে নামঘৰীয়াই

author img

By

Published : Aug 9, 2021, 7:23 PM IST

নামঘৰত উপস্থিত হৈ হতবাক হৈ পৰিল এগৰাকী নামঘৰীয়া ৷ তেওঁৰ বাবে কল্পনাতীত আছিল সেই ঘটনা ৷ এনেকুৱা হ’ব বুলি ভাবিব পৰা নাছিল তেওঁ ৷ সহিব নোৱাৰি কান্দি পেলালে নামঘৰীয়াজনে ৷

Thief stolen goods of Namghar at Moran
চুৰি কাণ্ড : শোকত ভাঙি পৰিছে নামঘৰীয়া

মৰাণ, 9 আগষ্ট : ক'ভিড মহামাৰীৰ আতংকৰ মাজতে দেওবাৰে নিশা মৰাণৰ এটা নামঘৰ (Namghar)ৰ পৰা চোৰে লুটি নিলে বহু মূল্যৱান সা-সামগ্ৰী । মৰাণহাট আৰক্ষী থানা (Moranhat Police Station)ৰ অন্তৰ্গত মৰাণৰ অভয়পুৰ নামঘৰত দেওবাৰে নিশা চোৰে চলালে চাফাই অভিযান ৷ তলা ভাঙি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰে চোৰ ৷

নামঘৰটোত প্ৰত্যেক দিনেই ৰাইজ তথা ভকত বৈষ্ণৱ সকলে আগবঢ়াই ধন ৷ বহু দিনৰে পৰা দান পাত্ৰত সাঁচি ৰখা হৈছিল ধন সমূহ ৷ কিন্তু দেওবাৰে চোৰ প্ৰৱেশ কৰি নামঘৰটোত থকা দানপাত্ৰৰ ধন, সোণৰ ফুল, ৰূপৰ ফুল, সোণালী মেকুৰী, কাঁহৰ কাঁহী-বাতি, পিতলৰ মূল বন্তি, ছাউণ্ড চিষ্টেম আদি লুটি লৈ যায় ।

চুৰি কাণ্ড : শোকত ভাঙি পৰিছে নামঘৰীয়া

লগতে পঢ়ক - এটা গৰুৱে কি অথন্তৰ ঘটালে...

উক্ত বিষয়টো সোমবাৰে পুৱা স্থানীয় ৰাইজে নামঘৰৰ তলা ভাগি থকা দেখি ভিতৰত প্ৰৱেশ কৰাতহে ওলাই পৰে সমগ্ৰ বিষয়টো ৷ নামঘৰৰ সকলো ধৰ্মীয় আচবাব তচনচ হৈ থকা প্ৰত্যক্ষ কৰে ৰাইজে । উক্ত চুৰিকাণ্ডৰ বিষয়ে ৰাইজে আৰক্ষীক অৱগত কৰিছে ।

ইফালে আপোন নামঘৰটোৰ মূল্যৱান সম্পদ সমূহ চোৰে লৈ যোৱাত কান্দোনত ভাগি পৰিছে নামঘৰীয়াৰ লগতে স্থানীয় ভক্ত সকলে । অতি শীঘ্ৰে চুৰিকাণ্ড সংঘটিত কৰা চোৰাক কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ দাবী কৰিছে স্থানীয় ৰাইজে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব কোন চোৰ জড়িত আছে ৷

ইতিমধ্যে চোৰৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইফালে নাম ঘৰটোত সংঘটিত হোৱা চুৰি কাণ্ডটোত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

লগতে পঢ়ক - লুটপাট কৰি পথৰ দাঁতিত পেলাই থৈ গ'ল যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.