ETV Bharat / crime

লামডিং ৰে'ল জংচনত যাত্ৰীবাহী ৰেলৰ পৰা জব্দ ভাং

author img

By

Published : May 6, 2022, 8:36 PM IST

লামডিং ৰে'ল জংচনত ৰেল আৰক্ষী আৰু হোজাই জিলা আৰক্ষীৰ যৌথ অভিযান (RPF and Hojai district administration's drive)। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ভাং (Cannabis seized at Lumding) ৷

rpf-and-hojai-district-administrations-drive-against-illegal-intoxicating-elements
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰপিএফ আৰু হোজাই জিলা প্ৰশাসনৰ অভিযান

হোজাই, 6 মে' : বৃহস্পতিবাৰে নিশা লামডিং ৰে'ল জংচনত ৰেল আৰক্ষী আৰু হোজাই জিলা প্ৰশাসনৰ যৌথ অভিযানত (RPF and Hojai district administration's drive) জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ভাং (Cannabis seized at Lumding) ৷ উল্লেখ্য যে, লামডিং ৰে'ল জংচনত ১৩১৭৪ নম্বৰ নামনিমুৱা আগৰতলা-শিয়ালদহ ৰে'লৰ এছ ২ নম্বৰৰ দবাৰ পৰা ২৮ কিলোগ্রাম ভাং জব্দ কৰে আৰক্ষীয়ে (Drive against illegal intoxicating elements)। উদ্ধাৰ হোৱা ভাঙখিনি ৭ টা পেকেটত ভাগ ভাগ কৰি মেৰিয়াই অনা হৈছিল ।

ইয়াৰ পাছতে ৰে'লখন লামডিঙৰ পৰা আহি হোজাই ষ্টেচন পোৱাত এক বিশেষ সূত্ৰৰ ভিত্তিত ৰেল আৰক্ষী আৰু হোজাই জিলা প্ৰশাসনে নামনিমুৱা কাঞ্চনজংঘা এক্সপ্রেছত পুনৰ অভিযান চলায় (Assam police raid against illegal intoxicating elements)৷ ৰে'লখন আৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰে যদিও এইবাৰ কোনোধৰণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ৷ ইফালে বহু সময় হোজাই ৰে'লষ্টেচনত আৰক্ষীৰ তালাচীৰ অন্তত ৰে'লখন যাবলৈ দিয়া হয় ।

লগতে পঢ়ক : মানিকপুৰত তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.