ETV Bharat / crime

কেকো সাপ সহ তিনিচুকীয়া আৰক্ষীৰ জালত চাৰিজন - gecko smuggling

তিনিচুকীয়াত শুকুৰবাৰে আৰক্ষীয়ে চলোৱা এটা অভিযানত কেকো সাপৰ সৈতে চাৰিজন সৰবৰাহকাৰীক আটক কৰা হয় ৷ অসম-অৰুণাচল সীমান্ত বৰডুমছাৰৰ পৰা তিনিচুকীয়ালৈ কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীকেইটাক ৷

four-person-arrested-for-smuggling-gecko-in-tinsukia
তিনিচুকীয়াত আৰক্ষীৰ জালত কেকো সাপ সহ চাৰিজন লোক
author img

By

Published : Jun 26, 2021, 11:09 AM IST

তিনিচুকীয়া, 26 জুন : মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শপত গ্ৰহণ কৰাৰ পাছতে তেওঁ অপৰাধ মুক্ত ৰাজ্য গঢ়ি তোলাৰ লক্ষ্য আৰু উদ্দেশ্যৰে আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে সস্তম হৈ পৰে অসম আৰক্ষী ৷ আৰক্ষীয়ে চলোৱা অভিযানত ইতিমধ্যে বিভিন্ন জিলাৰ পৰা বহুতো ড্ৰাগছ মাফিয়, গৰু সৰবৰাহকাৰীকে আদি কৰি বহুতো অপৰাধী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Assam Police) ৷

তিনিচুকীয়াত আৰক্ষীৰ জালত কেকো সাপ সহ চাৰিজন লোক

ইফালে তিনিচুকীয়া জিলাতো অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে তিনিচুকীয়া জিলা আৰক্ষীয়ে (Tinsukia Police) । শুকুৰবাৰে আৰক্ষীয়ে চলোৱা এটা অভিযানত বিলুপ্ত প্ৰায় এডাল কেকো সাপৰ সৈতে চাৰিজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে । এক গোপন সূত্ৰৰ পম খেদি অসম-অৰুণাচল সীমান্ত বৰডুমছাত আৰক্ষীয়ে এক অভিযান চলায় ৷ উক্ত অভিযানত AS-06 AA-2113 নম্বৰৰ এখন বিলাসী বাহনত চাৰিজনীয়া এটা দলে বৰডুমচাৰ পৰা তিনিচুকীয়া লৈ নি থকা অৱস্থাত আৰক্ষীৰ তালাচিত মাকুমস্থিত ভীম পাৰাত 250 গ্ৰাম ওজনৰ এডাল বিলুপ্তপ্ৰায় কেকো সাপ জব্দ কৰাৰ লগতে চাৰিজন সৰবৰাহকাৰীকে আটক কৰে ৷

ধৃত সৰবৰাহকাৰী কেইটাৰ হৈছে ভুলন মৰাণ, সুৰজ চেতিয়া, সুৰজিৎ গগৈ আৰু তুৰণ ফুকন । আৰক্ষীৰ জেৰাত ধৃত সৰবৰাহকাৰীকেইটাই কেকো সাপডাল তিনিচুকীয়াত বিক্ৰী কৰিবলৈ আনিছিল বুলি সদৰি কৰে ।

উল্লেখযোগ্য যে,ক'লা বজাৰত কেকো সাপৰ মূল্য বহু লক্ষাধিক টকা । যাৰ বাবে একাংশ অসৎ চক্ৰই কেকো সাপৰ ক'লা ব্যৱসায়ৰ পথ হিচাপে বাচি লৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰী কেইটাক জেৰা চলোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক-চাপৰ আৰক্ষীৰ গুলীত আহত দুৰ্ধষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.