জোনাই,5 জুন: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ মুখ্যমন্ত্ৰীৰ ড্ৰাগছ মুক্ত অসম গঢ়াৰ আহ্বানৰ পাচৰে পৰা তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে জোনাইতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ শুকুৰবাৰৰ এক অভিযানত জোনাই আৰক্ষীয়ে পুনৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ৷
এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জোনাইৰ মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে, জোনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসন্ন সোণোৱালৰ নেতৃত্বত তালাচী চলাই জোনাইৰ ৰোৱাদ দলুঙৰ এখন টায়াৰ দোকানত লুকুৱাই ৰখা অৱস্থাত প্ৰায় ১৫ গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ ড্ৰাগছৰ লগতে আৰক্ষীয়ে দীপক মিলি নামৰ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে,বিগত কিছু মাহ ধৰি জোনাই আৰক্ষীয়ে মহকুমাটোৰ বিভিন্ন স্থানৰ পৰা কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।