ETV Bharat / crime

কলগাছিয়াত 'কিষাণ বীজ ভাণ্ডাৰ'ৰ নথি-পত্ৰ জব্দ কৃষি বিভাগৰ

author img

By

Published : Jul 19, 2021, 10:37 AM IST

কলগাছিয়াত চলিছে ৰাসায়নিক সাৰৰ ছিণ্ডিকেট । কৃষকক মাধমাৰ সোধাই অধিক মূল্যত সাৰ বিক্ৰিৰ অভিযোগ । কলগাছিয়াৰ 'কিষাণ বীজ ভাণ্ডাৰ'ত জিলা কৃষি বিষয়াৰ অভিযান ।

Documents seized By Agriculture department From kisan beej Bhandar store in Kalgasia,barpeta District
কলগাছিয়াত 'কিষাণ বীজ ভাণ্ডাৰ'ৰ নথি-পত্ৰ জব্দ কৃষি বিভাগৰ

জনীয়া, 19 জুলাই : বৰপেটা জিলাৰ কলগাছিয়াত ৰাসায়নিক সাৰৰ ছিণ্ডিকেটৰাজ চলোৱাৰ অভিযোগ উঠিছে একাংশ অসাধু সাৰ ব্যৱসায়ীৰ বিৰুদ্ধে ৷ উক্ত অভিযোগৰ ভিত্তিত দেওবাৰে বৰপেটা জিলাৰ মহকুমা কৃষি বিষয়া পৰীক্ষিত চন্দ্ৰ বায়নে কলগাছিয়াৰ 'কিষান বীজ ভাণ্ডাৰ'ত অভিযান চলায় ৷ কৃষি বিষয়াগৰাকীৰ অভিযানত ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ পৰা কিছু নথি-পত্ৰ জব্দ কৰাৰ লগতে তদন্তৰ বাবে বৰপেটাৰ কৃষি বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে, কলগাছিয়াত অনুজ্ঞাপত্ৰ থকা কোনো পাইকাৰী সাৰৰ দোকান নথকাৰ পিছতো নিয়ম বহিৰ্ভূতভাৱে কলগাছিয়াৰ 'কিষান বীজ ভাণ্ডাৰ'ত চলি আছে দুৰ্নীতি ৷ দীৰ্ঘদিনৰ পৰাই একাংশ কৃষি বিষয়াৰ সহযোগত নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত বেচা কিনা চলি আহিছে বুলি অভিযোগ উত্থাপন হৈছে । ফলত খুচুৰা সাৰ ব্যৱসায়ী সকলেও চৰা দামত ৰাসায়নিক সাৰ ক্ৰয় কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে ।

প্ৰাপ্ত অভিযোগ মতে, কিষাণ বীজ ভাণ্ডাৰত ২৬৬ টকা মূল্যৰ ইউৰিয়া( URIA) সাৰ ৪৫০ টকা দৰত বিক্ৰি কৰাৰ লগতে ১২০০ টকা মূল্যৰ ডিএপি (DAP) সাৰ ২০০০ টকাকৈ বিক্ৰি কৰি এক ছিণ্ডিগেটৰাজ চলাই আহিছে বুলি অভিযোগ কৰে গ্ৰাহক সকলে । উক্ত বিষয়টো কৰ্ণগোচৰ হোৱাত দেওবাৰে তদন্তৰ বাবে হঠাতে মহকুমা কৃষি বিষয়া গৰাকী 'কিষাণ বীজ ভাণ্ডা'ৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠান খনত উপস্থিত হয় ৷

ইতিমধ্যে দোকানখনৰ পৰা কিছু নথি পত্ৰ জব্দ কৰি তদন্তৰ বাবে লৈ যায় ৷ আনহাতে, কৃষি বিষয়া গৰাকীক সাক্ষাৎ কৰি একাংশ সাৰ ব্যৱসায়ী আৰু কৃষকে উক্ত বিষয়টোৰ সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সজোৰে দাবী উত্থাপন কৰে ।

ইফালে একাংশ সাৰ ব্যৱসায়ীয়ে কৃষি বিভাগৰ সহযোগতে এনেকৈ অসাধু চক্ৰই ব্যাপক দুৰ্নীতি কৰিবলৈ সাহস কৰিছে বুলি অভিযোগ কৰে ৷ অৱশ্যে কৃষি বিষয়া গৰাকীক এই বিষয়ে সাংবাদিকে প্ৰশ্ন সোধাত কৃষি বিষয়াগৰাকীয়ে পোনচাতে নাকচ কৰে এই অভিযোগ ৷ অতিশীঘ্ৰে এই দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে কৃষি বিষয়া পৰীক্ষিত চন্দ্ৰ বায়নে ৷

লগতে পঢ়ক-ৰাজ্যৰ কৃষক সকলৰ বাবে মন্ত্ৰী ৰণজিৎ দাসে আনিলে সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.