ETV Bharat / crime

অৱশেষত মৃতদেহ উদ্ধাৰ ছত্তীশগড়ৰ সন্ধানহীন বিষয়াৰ - নাগপুৰ

ছত্তীশগড় চৰকাৰৰ এজন কোষাগাৰৰ বিষয়া ৰাজেশ শ্ৰীবাস্তৱৰ মৃতদেহ উদ্ধাৰ । মহাৰাষ্ট্ৰৰ নাগপুৰৰ এখন ল'জত বিষপান কৰি আত্মহত্যা শ্ৰীবাস্তৱৰ । ১ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছিল বিষয়াগৰাকী ।

ছত্তীশগড়ৰ সন্ধানহীন বিষয়াৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Mar 4, 2021, 7:38 PM IST

নিউজ ডেস্ক, ৪ মাৰ্চ: নাগপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । ছত্তীশগড়ৰ এগৰাকী চৰকাৰী বিষয়াই মহাৰাষ্ট্ৰৰ নাগপুৰৰ এখন ল'জত বিষপান কৰি আত্মহত্যা কৰে । নিহত বিষয়াগৰাকী ৰাজেশ শ্ৰী বাস্তৱ বুলি চিনাক্তকৰণ কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা অনুসৰি, শ্ৰীবাস্তৱে নাগপুৰৰ চিতাবৰদি বজাৰ অঞ্চলৰ 'পূজা ল'জ'ত বিষপান কৰি আত্মহত্যা কৰে ।

ঘটনা অনুসৰি, বিষয়াগৰাকীয়ে উক্ত ল'জৰ কোঠাত দুদিন ধৰি আৱদ্ধ হৈ থকাত বুধবাৰে ল'জৰ কৰ্মচাৰীসকলৰ অহৰহ প্ৰচেষ্টাত কোঠাটোৰ দুৱাৰ খুলিবলৈ সক্ষম হয় আৰু বিষয়াগৰাকীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে । তাৰ পাচতে লগে লগে ল'জ কৰ্তৃপক্ষই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে । ইফালে, এই খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । ইতিমধ্যে বিষয়াগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । কিয় এইদৰে বিষয়াগৰাকীয়ে আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাচি ল'লে সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই । আৰক্ষীৰ সঠিক তদন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

ঘটনা সন্দৰ্ভত নাগপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, ছত্তীশগড় চৰকাৰৰ এজন কোষাগাৰৰ বিষয়া আছিল ৰাজেশ শ্ৰীবাস্তৱ । ১ মাৰ্চত ৰায়পুৰত কাৰ্যালৰ পৰা যোৱাৰ পাচতে সন্ধানহীন হৈ আছিল বিষয়াগৰাকী ।

লগতে পঢ়ক: গছত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.