ETV Bharat / city

পুনৰ উত্তপ্ত ‘বাঘজান’ ৰাজপথত বাধা বাঘজানবাসীক

author img

By

Published : Aug 9, 2020, 6:10 PM IST

75 দিন অতিক্ৰম কৰাৰ পাছতো নিৰ্বাপিত হোৱা নাই বাঘজানৰ জুই । পুনৰ উত্তপ্ত হৈ পৰিছে অগ্নিকুণ্ড বাঘজানৰ পৰিস্থিতি ।

Tense Situation Arise at Baghjan
Tense Situation Arise at Baghjan

ডুমডুমা, 9 আগষ্ট: বাঘজান কাণ্ডই আজি 75 টা দিন অতিক্ৰম কৰিছে যদিও নিৰ্বাপিত হোৱা নাই অভিশপ্ত বাঘজান BGR-5 নম্বৰ তৈলখাদত সংঘটিত হোৱা অগ্নিকাণ্ড । যাৰ ফলত বিগত 75 টা যন্ত্ৰণাকাতৰ দিন আশ্ৰয় শিবিৰত অতিবাহিত কৰিবলগীয়া হৈছে বৃহত্তৰ বাঘজানৰ দূৰ্ভগীয়া লোকসকলে ।

যাৰ ফলৰ অতিষ্ঠ হৈ আশ্ৰয় শিবিৰত থকা সমূহ বাঘজানবাসী দেওবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত শিবিৰ পাতিবলৈ দলে-বলে ওলাই আহে ।

দূৰ্ভগীয়া লোকসকল জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অভিমুখে আগবাঢ়ি থকাৰ সময়তেই স্থানীয় বাঘজান আৰক্ষীয়ে আৰক্ষী থানাৰ সন্মুখত বিশাল বেৰিকেড দি লোকসকলক জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱাত বাধা প্ৰদান কৰে । ক্ষোভিত লোকসকলে বেৰিকেড ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ সৈতে লিপ্ত হয় খণ্ডযুদ্ধত ।

ইফালে, আৰক্ষীৰ লাঠিচালনাত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হ'বলগীয়া হয় বুলিও জানিব পৰা গৈছে । ফলত আৰু অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ।

পুনৰ উত্তপ্ত ‘বাঘজান’

লগতে চাওক-নগাঁৱৰ কলঙত উদ্ধাৰ অচিনাক্ত মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.