ডুমডুমা,30 এপ্ৰিলঃ প্ৰায় 8 মাহ পূৰ্বে কৰ্ম সংস্থাপনৰ বাবে চেন্নাইলৈ গৈছিল তিনিচুকীয়াৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ফিল’বাৰীৰ এজন যুৱক ৷ ফিল’বাৰীৰ ১নং বৰহোলুং গাঁৱৰ যুৱক জিতু সোণোৱাল (বাস্তৱ) কৰ্মৰত সময়তে আক্ৰান্ত হয় এক জটিল ৰোগত ৷ লক্ ডাউনৰ বাবে সম্প্ৰতি চেন্নাইত আবদ্ধ যুৱকজনে ধনৰ অভাৱত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই । দিন অতিক্ৰম হোৱাৰ লগে লগে যুৱকজনৰ সংগ এৰিছে সতীৰ্থ সকলে । ফলত অধিক বিপদৰ সন্মুখীন হৈ তিল-তিলকৈ মৃত্যুৰ ক্ষণ গণিছে অসমৰ যুৱকজনে ।
আনহাতে,ভাড়াঘৰৰ মালিকে ৰোগাক্ৰান্ত যুৱকজনক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া বুলি যুৱকজনে পৰিয়ালৰ লোকক ফোন যোগে জনায় । ঘৰখনৰ একমাত্ৰ পুত্ৰৰ অসহায় অৱস্থা ম’বাইলৰ জৰিয়তে প্ৰত্যক্ষ কৰি কান্দোনত ভাগি পৰে যুৱকজনৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকসকল । সম্প্ৰতি অসুস্থ পিতৃৰ লগতে মাতৃয়ে যুৱকজনৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ উপৰিও ঘৰলৈ ঘূৰাই অনাৰ সুবিধা কৰি দিবলৈ ৰাইজ তথা চৰকাৰক আহ্বান জনাইছে ।