ETV Bharat / city

ডিৰাক-চুমনি বান্ধৰ স্থায়ী সমাধান বিচাৰি ৰাইজৰ অভিনৱ প্ৰতিবাদ - etv bharat

ডিৰাক-চুমনি নদী বান্ধৰ বিষয়টো ৰাজনৈতিক নেতাসকলে কেৱল ভোট গ্ৰহণৰ আহিলা হিচাপে ব্যৱহাৰ কৰা কাৰ্যক নিন্দা প্ৰতিবাদকাৰীৰ ৷

etv bharat
author img

By

Published : Apr 6, 2019, 11:06 PM IST

ডুমডুমা, 6 এপ্ৰিলঃ ডিৰাক-চুমনি বান্ধৰ বিজ্ঞানসন্মত স্থায়ী সমাধান বিচাৰি শনিবাৰে কাকপথাৰৰ ডিৰাকত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে এফালে নিৰ্বাচনী প্ৰচাৰ সভাসমূহৰ সমান্তৰালকৈ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ব্যৰ্থ হোৱা ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ জনসাধাৰণে ৷ উল্লেখ্য যে, 1992 চনতেই ডিৰাক-চুমনি নদী বান্ধটো ভাঙি প্ৰায় 133খন গাঁও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল ৷ কিন্তু আজি পৰ্যন্ত স্থায়ী সমাধান নাপালে ভুক্তভোগী ৰাইজে ৷

ডিৰাক-চুমনি বান্ধৰ স্থায়ী সমাধান বিচাৰি ডিৰাকত প্ৰতিবাদ

স্থানীয় বিধায়ক বলিন চেতীয়া আৰু সাংসদ প্ৰদান বৰুৱাক বাৰম্বাৰ অনুনয়-বিনুনয় কৰাৰ পাচতো বান্ধটোৰ স্থায়ী সমাধান প্ৰদান কৰাত অসমৰ্থ হোৱাত ক্ষুভিত হৈ অৱশেষত প্ৰতিবাদত নামি পৰিল স্থানীয় ৰাইজ ৷ ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিৰ আহ্বানত শনিবাৰে নিশা ডিৰাক-চুমনি বান্ধৰ পৰা জোঁৰ সমদল উলিয়াই অঞ্চলটোৰ প্ৰতি ঘৰৰ পদুলিয়ে-পদুলিয়ে অৱস্থান কৰে গৈ প্ৰতিবাদকাৰী সকলে ।

ইফালে, বান্ধটোৰ বিষয়ে সমাধান বিচাৰি ৰাইজে সাংসদ প্ৰদান বৰুৱাৰ কাষ চপাত তেওঁ "এইবাৰ বানপানী নহয়" বুলিহে টুলুঙা মন্তব্য কৰা বুলি প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে ৷ বান্ধটো নিৰ্মাণৰ বাবে সময়ত চৰকাৰে ধন মোকলাই দিয়ে যদিও ধন সমূহ সৎ ব্যৱহাৰ নকৰাৰো অভিযোগ অঞ্চলবাসীৰ৷ বান্ধটোৰ নিৰ্মানৰ উচিত সমাধানৰ প্ৰতি আওকান কৰি বিষয়টো কেৱল নিৰ্বাচনত ভোট লাভৰ অস্ত্ৰ হিচাপেহে ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰাৰ কাৰ্যক নিন্দা কৰাৰ লগতে শীঘ্ৰে বিজ্ঞানসন্মত স্থায়ী সমাধানৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে ৷

Intro:ডিৰাক-চুমনি বান্ধৰ বিজ্ঞানসন্মত স্থায়ী সমাধানৰ দাবীত কাকপথাৰৰ ডিৰাকত অভিনৱ প্ৰতিবাদী কাৰ্যসুচীBody:Date: 06-04-2019

Story: ডিৰাক-চুমনি বান্ধৰ বিজ্ঞানসন্মত স্থায়ী সমাধানৰ দাবীত কাকপথাৰৰ ডিৰাকত অভিনৱ প্ৰতিবাদী কাৰ্যসুচী

File Name: Jur Samadal at Dirak, Doomdooma

V/O: ডিৰাক-চুমনি বান্ধৰ বিজ্ঞানসন্মত স্থায়ী সমাধানৰ দাবীত কাকপথাৰৰ ডিৰাকত শনিবাৰে এক অভিনৱ প্ৰতিবাদী কাৰ্যসুচী হাতত লয় ৷ ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিৰ আহ্বানত আজি নিশা ডিৰাক-চুমনি বান্ধৰ পৰা জোঁৰ সমদল ওলিয়াই প্ৰতি ঘৰৰ পদুলিয়ে-পদুলিয়ে অৱস্থান গ্ৰহণ কৰে । স্থানীয় বিধায়ক বলিন চেতীয়া আৰু সাংসদ প্ৰদান বৰুৱাক বাৰম্বাৰ অনুনয়-বিনুনয় কৰাৰ পিছতো বান্ধটোৰ স্থায়ী সমাধান নকৰাত ক্ষুভিত হৈ ৰাইজে এই অভিনৱ প্ৰতিবাদ সাব্যস্থ কৰে ৷ অন্যহাতে সাংসদ প্ৰদান বৰুৱাই বান্ধটোৰ বিষয়ে "এইবাৰ বানপানী নহয়" বুলি টুলুঙা মন্তব্য কৰা কাৰ্যকো সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷ বান্ধটো নিৰ্মাণৰ বাবে মাজে সময়ে চৰকাৰে ধন মোকলাই দিয়ে যদিও ধন সমূহ সৎ ব্যৱহাৰ নকৰাৰ অভিযোগ উৎথাপন কৰিছে ৷ ১৯৯২ চনত উক্ত বান্ধটো ভঙাৰ ফলত প্ৰায় ১৩৩খন গাওঁ ক্ষতি সাধন কৰিছিল ৷ বান্ধটো স্থায়ী সমাধানৰ বাবে চৰকাৰে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইয়া দেখা পৰিলক্ষিত নহয় । মাত্ৰ নিৰ্বাচনৰ আগত বান্ধটোক লৈ সকলো ৰাজনৈতিক দলে ৰাজনীতি কৰাহে পৰিলক্ষিত হৈছে ৷

Byte: স্থানীয় যুৱক

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.