তিনিচুকীয়া, 11 জানুৱাৰী : উজনি অসমৰ সাংবাদিক বিকাশ মৰাণ আৰু নাই । সোমবাৰে নিশা প্ৰায় 11 মান বজাত ঘৰতে নিজৰ পিষ্টলৰে মূৰত দুই জাঁই গুলী কৰি আত্মহননৰ দৰে জীৱনৰ চূড়ান্ত পথ বাচি লয় জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে (Journalist Bikash Moran Commits suicide) ।

কিন্তু কিহৰ কাৰণে সাংবাদিকগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হ'ল, তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । এই ঘটনাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সাংবাদিক গৰাকীয়ে আত্মহত্যাৰ বাবে ব্যৱহাৰ কৰা পিষ্টলটো জব্দ কৰে ৷ তদুপৰি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
বিভিন্ন ধৰণৰ সামাজিক কাম-কাজত জড়িত থকা জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ সংবাদ মহলত শোকৰ ছাঁ পৰে ৷ কেইবাটাও ছেটেলাইট চেনেলৰ লগত জড়িত সাংবাদিক মৰাণে বিভিন্ন সময়ত সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা আদিৰ দৰে দল-সংগঠনসমূহৰ লগত জড়িত আছিল ৷

মৃত্যুৰ সময়ত মাতৃ, পত্নী সহ দুই কন্যা আৰু এটি পুত্ৰ সন্তানক এৰি থৈ যায় জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ৷ তিনিচুকীয়া আৰক্ষীয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ এই ৰহস্যজনক আত্মহত্যাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : আৰক্ষী অধীক্ষকৰ সন্মিলনেই মাতিলে নেকি বিপদ ; ক’ভিডত আক্ৰান্ত ৰাজ্যৰ বহু শীৰ্ষ আৰক্ষী বিষয়া