ETV Bharat / city

পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত পিতৃ-কন্যা - শদিয়া

ডিৰাকৰ সোনজানত কনডেনছেটৰ কঢ়িওৱা গাড়ীৰ খুণ্ডাত গুৰুতৰভাৱে আহত পিতৃ-কন্যা ৷ আহত পিতৃ-কন্যাক চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

Danger Road Accident At Sadia
পথ দুৰ্ঘটনাঃ গুৰুতৰভাবে আহত পিতৃ-কন্যা
author img

By

Published : Apr 27, 2021, 10:22 PM IST

শদিয়া,27 এপ্ৰিল: কাকপথাৰৰ ডিৰাকৰ সোণজানত মঙলবাৰে সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ AR-16A-3726 নম্বৰৰ কনডেনছেট ভৰ্তি এখন মাৰুতি ভানে মহতীয়াই নিয়ে স্কুটীত লৈ অহা পিতৃ-কন্যাক ৷ ফলত গুৰুতৰভাৱে আহত হয় স্কুটী আৰোহী খগেন কোৱঁৰ আৰু তেওঁৰ তিনিবছৰীয়া কন্যা গৰাকী ৷

উল্লেখ্য যে, দ্ৰুতবেগত অৰুণাচলমুখে গৈ থকা ভানখনে পথৰ কাষতে ৰখাই থোৱা অৱস্থাত স্কুটি আৰোহী পিতৃ-কন্যাক মহতীয়াই নিয়াৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

উক্ত দুৰ্ঘটনাটোৰ খবৰ স্থানীয় ৰাইজে ততালিকে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোককেইজনক উদ্ধাৰ কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ভানখনৰ চালক আৰু হেণ্ডিমেনজনক আটক কৰিছে বৰডুমচা আৰক্ষীয়ে ৷ লগতে ভানখনত থকা প্ৰায় 500 কনডেনছেট জব্দ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-বৰপেটাৰ বিদ্যালয় সমূহত অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.