ETV Bharat / city

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ সংবাদমেল

author img

By

Published : Nov 6, 2020, 9:25 PM IST

মৌলানা বদৰুদ্দিন আজমলক তেওঁৰ সমৰ্থকে 'পাকিস্তান জিন্দাবাদ' ধ্বনিৰে স্বাগতম জনোৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ ৷

মাৰ্ঘেৰিটা
লক্ষ্য কোঁৱৰৰ সংবাদমেল

তিনিচুকীয়া, 6 নৱেম্বৰ : মৌলানা বদৰুদ্দিন আজমলক তেওঁৰ সমৰ্থকে 'পাকিস্তান জিন্দাবাদ' ধ্বনিৰে স্বাগতম জনোৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ ৷ মাৰ্ঘেৰিটাত সংবাদমেল আয়োজন কৰি এই কাণ্ডৰ সমালোচনা জনায় লক্ষ্য কোঁৱৰে ৷

বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ সংবাদমেল

উল্লেখ্য যে, বৃহস্পতিবাৰে কাছাৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল আহি উপস্থিত হোৱা সময়তে সমৰ্থকসকলে তেওঁক স্বাগতম জনাবলৈ আজমল জিন্দাবাদ, এআইইউডিএ জিন্দাবাদ ধ্বনিৰ মাজতে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল । এই ঘটনাৰ পাচতে সমগ্ৰ ৰাজ্যতে শাসকপক্ষৰ বিভিন্ন নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

সংবাদমেলত লক্ষ্য কোঁৱৰে কয় যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা অসমীয়া খিলঞ্জীয়া সকলৰ বাবে এক অশনি সংকেত আৰু সেই কথাই বৰ্তমান সময়ত প্ৰতিপন্ন হৈছে ৷ মিঞা মিউজিয়াম প্ৰসংগও ইয়াৰে এক উদাহৰণ ৷ আজি দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰি এআইইউডিএফৰ সদস্যসকলে শিলচৰত আজমলক আদৰণি জনাবলৈ গৈ যি কাৰ্য কৰিলে ইয়াৰ পৰা এআইইউডিএফৰ ৰাষ্ট্ৰবিৰোধী চৰিত্ৰ পোহৰলৈ আহিলে ৷

লগতে তেওঁ কয়, "অসমক ইছলামিক ৰাষ্ট্ৰৰ অন্তৰ্ভূক্ত কৰাৰ এআইইউডিএফৰ যি ইচ্ছা, সেয়া এই শ্ল'গানৰ যোগেদি প্ৰমাণিত হ'ল; কিন্তু স্বাধীন ভাৰতত এনে বক্তব্য সহ্য কৰা নহ'ব ৷ লগতে কংগ্ৰেছকো সকীয়াই দিছো যে, এনে ৰাষ্ট্ৰবিৰোধী শক্তিৰ পৰা আঁতৰি থাকক আৰু অসমীয়া সমাজখনক ধংসৰ দিশলৈ নিয়াৰ পৰা আঁতৰি আহক ৷"

লগতে পঢ়ক : তেজেৰে লিখা প্লে'কাৰ্ড লৈ অখিল গগৈৰ মুক্তিৰ দাবী মনোজ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.