তেজপুৰ, ৫ ডিচেম্বৰ : উত্তৰ-পূৱ কাউন্সিলৰ তত্বাৱধানত ভাৰত চৰকাৰৰ উড়ানৰ জৰিয়তে 2018 চনৰ 26 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল জুম এয়াৰ লাইন ৷ 2018 বৰ্ষৰে জুন মাহৰ 26 তাৰিখে হঠাৎ বন্ধ হৈ পৰে গুৰুগাঁৱৰ জুম এয়াৰলাইন্স । মাত্ৰ দুমাহ দিন বিমানসেৱা আগবঢ়াই ডেৰবছৰে বন্ধ অৱস্থাত আছে ভাৰত চৰকাৰৰ উড়ান সেৱাৰ অধীনত আৰম্ভ হোৱা জুম এয়াৰলাইন ৷ তেজপুৰ-কলিকতাৰ মাজত চলা যাত্ৰীবাহী ব্যক্তিগত খণ্ডৰ বিমানসেৱা হঠাৎ বন্ধ হৈ পৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে যাত্ৰীৰ লগতে তেজপুৰ বিমান বন্দৰ প্ৰাধিকৰণ ৷ তেজপুৰ বিমানবন্দৰ ছয়খন জিলাৰ কেন্দ্ৰস্থল হোৱাৰ বাবে তেজপুৰ বিমানবন্দৰত যাত্ৰীৰ পৰিমাণে যথেষ্ঠ বেছি ।
আনহাতে তেজপুৰ চহৰ ভাৰতীয় সেনা বাহিনীৰ কেন্দ্ৰৰ লগতে অন্যান্য সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয় হোৱাৰ উপৰিও কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু বহু সময়ত চিকিৎসা মহাবিদ্যালয়ৰ অধিকাংশ লোক অসুবিধাৰ সন্মুখীন হৈছে । পৰৱৰ্তী সময়ত অৰ্থাৎ 2020 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকাৰী হ'ব বুলি মন্তব্য কৰে তেজপুৰ বিমান বন্দৰ প্ৰাধিকৰণৰ লোকে ৷
আৰু পঢ়ক : কটনৰ ৰণহুংকাৰত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে