ETV Bharat / city

তেজপুৰৰ হিমালয় হোটেলৰ কোঠাত চিপ লোৱা অৱস্থাত কৰ্মচাৰী

তেজপুৰত দেওবাৰে নিশা হিমালয় হোটেলত উদ্ধাৰ হয় পিংকু মুখীয়া নামৰ যুৱকজনৰ মৃতদেহ । পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় তেজপুৰৰ চক্ৰ বিষয়া ৷

author img

By

Published : Nov 8, 2021, 7:23 PM IST

youth found hang in tezpur
তেজপুৰত উদ্ধাৰ মৃতদেহ

তেজপুৰ , 8 নৱেম্বৰ : তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ দেওবাৰে নিশা তেজপুৰৰ হিমালয় হোটেলৰ 213 নম্বৰ কোঠাত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো তেজপুৰৰ ৰে'লগেট লালমাটিৰ পিংকু মুখীয়া নামৰ এজন 16 বছৰীয়া যুৱকৰ বুলি চিনাক্ত কৰা হৈছে ৷

জানিব পৰা মতে, পিংকু মুখীয়াই তিনিবছৰৰ পূৰ্বৰে পৰাই তেজপুৰৰ হিমালয় নামৰ হোটেলখনত কাম কৰি আছিল যদিও হোটেল কৰ্তৃপক্ষই যুৱকজনক আদায় দিয়া নাছিল বিগত তিনিবছৰৰ দৰমহা ৷ ইয়াৰ বাবেই হোটেল কৰ্তৃপক্ষই পিংকু মুখীয়াক হত্যা কৰা বুলি অভিযোগ কৰিছে পিংকু মুখীয়া পৰিয়ালৰ সদস্যই ৷

ইফালে যুৱকজনৰ মৃত্যুৰ পিছতে এতিয়া আন এটা বিষয় চৰ্চালৈ আহিছে । যিহেতু 13 বছৰ বয়সৰ পৰা অৰ্থাৎ কিশোৰ অৱস্থাৰ পৰাই বিগত 3 বছৰ ধৰি তেওঁ কৰ্মৰত হৈ আছিল হোটেলখনত ৷ সেয়েহে হিমালয়া হোটেল কৰ্তৃপক্ষই এটি শিশু শ্ৰমিকক কামত নিয়োজিত কৰা বুলিও উক্ত চহৰখনত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত তেজপুৰৰ চক্ৰ আৰক্ষী বিষয়া উপস্থিত হৈ প্ৰাৰম্ভিক তদন্তৰ পাছতে এয়া এক আত্নহত্যাৰ ঘটনা হ’ব বুলি ধাৰণা কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি ক’লে বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল পৃথক জিলাৰ দাবীত হোৱা ডিমা হাছাও বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.