ETV Bharat / city

ৰেষ্টুৰেণ্টৰ লিফ্টত ভাৰতীয় বায়ু সেনাৰ জোৱানৰ হাতত শিশুসহ অপদস্থ তিনি মহিলা ! - ভাৰতীয় বায়ুসেনা বাহিনীৰ উদণ্ড জোৱান

ভাৰতীয় বায়ুসেনা বাহিনীৰ উদণ্ড জোৱানৰ হাতত তেজপুৰত শিশুসহ তিনি মহিলা অপদস্থ হোৱাৰ অভিযোগ । চাৰি শিশুকো মানসিক হাৰাশাস্তি (child abuse by air force persons in Tezpur) । ৰেষ্টুৰেণ্টৰ লিফ্টত প্ৰায় ১০ মিনিট সময় আবদ্ধ কৰি ৰাখিলে মহিলা,শিশুক ।

women-and-child-abuse-by-air-force-persons-in-tezpur
তেজপুৰত ভাৰতীয় বায়ু সেনাৰ জোৱানৰ হাতত শিশুসহ তিনি মহিলা অপদস্থ !
author img

By

Published : Apr 23, 2022, 6:25 PM IST

তেজপুৰ, ২৩ এপ্ৰিল : তেজপুৰ চহৰত ভাৰতীয় বায়ুসেনা বাহিনীৰ উদণ্ড জোৱানৰ শিশু সহ তিনি মহিলা অপদস্থ (Air force persons involved in abusing women) হোৱাৰ অভিযোগ । এই ঘটনা সংঘটিত হৈছে তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত চেফ্ৰ'ন(Saffron) নামৰ ৰেষ্টুৰেণ্টখনত । অভিযোগ অনুসৰি, সন্তানসহ ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি উভতিবলৈ লিফ্টত উঠোতে লিফ্টৰ বাহিৰৰ পৰা এই তিনিজন সুৰামত্ত জোৱানে কৌশলেৰে প্ৰায় ১০ মিনিট সময় আৱদ্ধ কৰি ৰাখে ৪টা শিশুসহ তিনিগৰাকী মহিলাক ।

ৰেষ্টুৰেণ্টত উপস্থিত থকা কিছু গ্ৰাহকৰ হস্তক্ষেপত মহিলাকেইগৰাকী এই পৰিস্থিতিৰ পৰা হাত সাৰে যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে যুৱককেইজনে । উল্লেখযোগ্য যে, ৰেষ্টুৰেণ্টখনত নাই কোনো নিৰাপত্তাৰক্ষী আৰু CCTV ফুটেজ লাভৰ ব্যৱস্থা । যাৰ বাবেই এই অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় শিশুসহ মহিলাকেইগৰাকী । অৱশ্যে, নিৰ্দিষ্টি বিল্ডিংটোৰ CCTV কেমেৰাৰ পৰা লাভ কৰা গৈছে বায়ুসেনাৰ লোক কেইজনৰ কিছু ছবি ৷

তেজপুৰত ভাৰতীয় বায়ু সেনাৰ জোৱানৰ হাতত শিশুসহ তিনি মহিলা অপদস্থ !

চহৰৰ মাজমজিয়াৰ ৰেষ্টুৰেণ্টতে শিশু আৰু মহিলা সুৰক্ষিত নোহোৱাৰ বিষয়টোৱে এতিয়া চিন্তিত কৰিছে সচেতন মহলক ।

এই ঘটনা সন্দৰ্ভত এতিয়া তেজপুৰ সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে যদিও এই পৰ্যন্ত আৰক্ষীয়েও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সাংবাদিকৰে সৈতে হোৱা মুখা-মুখিত এই ভয়াৱহ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি ভুক্তভোগী মহিলা কেইগৰাকীয়ে তেজপুৰ চহৰত শিশু-মহিলাৰ নিৰাপত্তাহীন অৱস্থাৰ দিশটোৱেই উত্থাপন কৰে (Women and child safety issue in Tezpur) ৷

লগতে পঢ়ক : কৰিমগঞ্জত শিশু শ্ৰমিকৰ ৰহস্যজনক মৃত্যু: অসম ত্ৰিপুৰা ঘাইপথ অৱৰোধ ক্ষুদ্ধ লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.