তেজপুৰ, 23 মাৰ্চ : তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিয়েই শনিবাৰে তেজপুৰত উপস্থিত হয় মন্ত্ৰী পল্লৱলোচন দাস ৷ প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে ভোমোৰাগুৰি সেতুৰ পৰা বিশাল সমদলেৰে তেজপুৰৰ বিজেপি কাৰ্যালয়লৈ আদৰি আনে মন্ত্ৰীগৰাকীক ৷ তেজপুৰৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈয়ে তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,নেদাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে সমষ্টিটোত উপস্থিত হৈ তেজপুৰৰ উত্তৰ অঞ্চলত পৰি ৰোৱা বহু কাম সম্পূৰ্ণ কৰাৰ লগতে চাহ বাগিচাৰ লোকসকলৰ মাজুৰি ৰ সমস্যা, ক্ষুদ্র চাহ খেতিয়ক সকলৰ উন্নত মানৰ সুবিধাৰ, আৰু নিবনুৱা সমস্যাৰ সমাধান কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
প্ৰাৰ্থিত্ব লাভ কৰিয়েই তেজপুৰত উপস্থিত পল্লৱ লোচন দাস - তেজপুৰ
তেজপুৰৰ দৰে সন্মানীয় সমষ্টি এটাত প্ৰাৰ্থিত্ব প্ৰদান কৰা বাবে দলৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন পল্লৱ লোচন দাসৰ
তেজপুৰ, 23 মাৰ্চ : তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিয়েই শনিবাৰে তেজপুৰত উপস্থিত হয় মন্ত্ৰী পল্লৱলোচন দাস ৷ প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে ভোমোৰাগুৰি সেতুৰ পৰা বিশাল সমদলেৰে তেজপুৰৰ বিজেপি কাৰ্যালয়লৈ আদৰি আনে মন্ত্ৰীগৰাকীক ৷ তেজপুৰৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈয়ে তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,নেদাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে সমষ্টিটোত উপস্থিত হৈ তেজপুৰৰ উত্তৰ অঞ্চলত পৰি ৰোৱা বহু কাম সম্পূৰ্ণ কৰাৰ লগতে চাহ বাগিচাৰ লোকসকলৰ মাজুৰি ৰ সমস্যা, ক্ষুদ্র চাহ খেতিয়ক সকলৰ উন্নত মানৰ সুবিধাৰ, আৰু নিবনুৱা সমস্যাৰ সমাধান কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
তেজপুৰত ভৰি দি য়েই মন্ত্ৰী তথা বিজেপি দলৰ তেজপুৰ লোক সভাৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে সন্মানীয় এই সমষ্টিটোত প্ৰাৰ্থীত্ব প্ৰদান কৰা বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী,
ৰাষ্ট্ৰীয় সভাপতি অমিত ছাহ , নেদাৰ আহ্বায়াক হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ।
Body:উত্তৰ অঞ্চলত বহুতো কাম বাদ পৰি আছিল2 সেয়া সম্পূৰ্ণ কৰিব ।শোণিতপুৰ জিলাত আগতে যি উগ্ৰপন্থীৰ সমস্যা আছিল সেয়া নিৰ্মূল কৰিবলৈ সক্ষম হয় বিজেপিৰ চৰকাৰে ।
তেওঁ প্ৰধান গুৰুত্ব দিব চাহ বাগিচাৰ লোক সকলৰ মাজুৰি ৰ সমস্যা, ক্ষুদ্র চাহ খেতিয়ক সকলৰ উন্নত মানৰ সুবিধাৰ, আৰু নিবনুৱা সমস্যাৰ সমাধান ।
কংগ্ৰেছ দলক সমালোচনা কৰি কয় ,মই আগতে কংগ্ৰেছ দলৰ নেতাই আছিলোঁ তেতিয়া কংগ্ৰেছ দলৰ আজিৰ দৰে অৱস্থা শোচনীয় নাছিল যে এজন প্ৰাক্তন তামোলৰ বাহিৰে প্ৰাৰ্থীত্ব দিবলৈ ভাল ব্যয়কটি নাই।
Byte: পল্লব লোচন দাস ।
Conclusion:সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ ওপৰত তেওঁ সম্পূৰ্ণ বিশ্বাস কৰে কাৰণ তেওঁ দলৰ জ্যেষ্ঠ নেতা আৰু দেশৰ প্ৰতিৰক্ষা ৰ ক্ষেত্ৰত সচেতন গতিকে তেওঁ বিচাৰে যে মোদী পুনৰ প্ৰধান মন্ত্ৰী হোৱাটো ।
প্ৰায় শতাধিক কৰ্মীয়ে ভোমোৰা গুৰি সেতু ৰ পৰা তেজপুৰৰ মাজগাওঁ বিজেপিৰ কাৰ্যালয় লৈ আদৰি আনে ।
প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ
২৩/৩/১৯