ETV Bharat / city

তেজপুৰ বিশ্ববিদ্যালয়ত "আৱাজ" শীৰ্ষক অভিযানৰ শুভাৰম্ভণি - গণসংযোগ আৰু সাংবাদিকতা বিভাগ

শোণিতপুৰ জিলাৰ নপাম অঞ্চলৰ প্ৰায় ২৩ খনকৈ বিদ্যালয়ৰ অংশগ্ৰহনেৰে তেজপুৰ বিশ্ববিদ্যালয় ছাত্ৰ পৰিষদ আৰু তেজপুৰ বিশ্ববিদ্যালয় বিজ্ঞান ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা " আৱাজ" শীৰ্ষক অনুষ্ঠানৰ আজি শুভাৰম্ভণি কৰা হয় ।

তেজপুৰ বিশ্ববিদ্যালয়ত "আৱাজ" শীৰ্ষক অভিযানৰ শুভাৰম্ভণি

author img

By

Published : Mar 14, 2020, 11:01 PM IST

তেজপুৰ, 14মাৰ্চ : শোণিতপুৰ জিলাৰ নপাম অঞ্চলৰ প্ৰায় ২৩ খনকৈ বিদ্যালয়ৰ অংশগ্ৰহনেৰে তেজপুৰ বিশ্ববিদ্যালয় ছাত্ৰ পৰিষদ আৰু তেজপুৰ বিশ্ববিদ্যালয় বিজ্ঞান ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা " আৱাজ" শীৰ্ষক অনুষ্ঠানৰ আজি শুভাৰম্ভণি কৰা হয় । তেজপুৰ বিশ্ববিদ্যালয় বিজ্ঞান ছাত্ৰ পৰিষদৰ সভাপতি সৌৰভ বসুৰ বক্তব্যৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি ঘটাৰ পিছত মন্তব্য ৰাখে বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য (Pro-VC) দিলীপ কুমাৰ শইকীয়া আৰু জিলা প্ৰশাসনৰ শিশু কল্যাণৰ লগত জৰিত দুগৰাকী বিষয়া ক্ৰমে বৰ্ণালী শৰ্মা আৰু পপী দাসে ।

ইয়াৰ পিছত লিংগ সংবেদনশীলতাৰ ওপৰত নাৰী অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপিকা ড° মাধুৰিমা গোস্বামীয়ে এক গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে । সমাজকৰ্ম আৰু আইন বিভাগৰ প্ৰবক্তা ক্ৰমে নমামি শৰ্মা আৰু এঞ্জেল চিয়েমে শিশুৰ ওপৰত হোৱা যৌন উৎপীড়ণ আৰু POCSO আইনৰ বিষয়ে বিতংভাৱে আলোচনা কৰে । অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰা বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে "মত-বিনিময়ৰ" জৰিয়তে তেওঁলোকৰ বিভিন্ন আসোৱাঁহ মুকলিভাৱে প্ৰকাশ কৰে।

তেজপুৰ বিশ্ববিদ্যালয়ত
তেজপুৰ বিশ্ববিদ্যালয়ত "আৱাজ" শীৰ্ষক অভিযানৰ শুভাৰম্ভণি
গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ বুদ্ধ জ্যোতি বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সামৰণি মন্তব্য ৰাখে সেই একেই বিভাগৰ ছাত্ৰ অভিলাষ বপনশই । শেষত সকলোকে শলাগৰ শৰাই যাচে তেজপুৰ বিশ্ববিদ্যালয় ছাত্ৰ পৰিষদৰ সভাপতি জ্যোতিষ্পল ডেকাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.