ETV Bharat / city

অৰুণাচল প্ৰদেশৰ পদপথত ষ্ট্ৰীট লাইব্ৰেৰী

ম’বাইল, ইন্টাৰনেটৰ যুগত যেন ক্ৰমাৎ হ্ৰাস পাইছে গ্ৰন্থ অধ্যয়নৰ প্ৰতি মানুহৰ ধাউতি ৷ যাৰ বাবে পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ স্বেচ্ছাসেৱী সংগঠন নুৰাং লাৰ্নিং ইনষ্টিটিউটে গ্ৰহণ কৰিছে এটা বিশেষ ভূমিকা ৷

অৰুণাচল প্ৰদেশৰ পদপথত ষ্ট্ৰীট লাইব্ৰেৰী
অৰুণাচল প্ৰদেশৰ পদপথত ষ্ট্ৰীট লাইব্ৰেৰী
author img

By

Published : Dec 28, 2020, 7:19 PM IST

তেজপুৰ, 28 ডিচেম্বৰ : আজৰি সময়ত ছাত্ৰ-ছাত্ৰীকে ধৰি অধিকাংশ লোকেই ব্যস্ত থকা দেখা যায় টিভি, ম’বাইল ফোন আদিত ৷ নিজকে ব্যস্ত কৰি ৰাখে ইণ্টাৰনেটৰ বহল পৰিসৰৰ ভিতৰত ৷ গ্ৰন্থ অধ্যয়নৰ প্ৰতি যেন ধাউতি নোহোৱা হৈছে অধিকাংশৰে ৷

ষ্ট্ৰীট লাইব্ৰেৰী
ষ্ট্ৰীট লাইব্ৰেৰী

ভাৰ্চুৱেল পৃথিৱীখনত নিজকে নিমজ্জিত কৰি ৰখা দেখিবলৈ পোৱা যায় অধিকাংশ লোককে ৷ তাৰ মাজতে ব্যতিক্ৰমী প্ৰচেষ্টাৰে মানুহৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ় দিবলৈ আগবাঢ়ি আহিছে অৰুণাচল প্ৰদেশৰ এটা স্বেচ্ছাসেৱী সংগঠন নুৰাং লাৰ্নিং ইনষ্টিটিউট ৷

ইতিমধ্যে প্ৰদেশ খনৰ কেবাটাও স্থানত গঢ় লৈ উঠিছে অনুৰূপ ষ্ট্ৰীট লাইব্ৰেৰী

প্ৰতিষ্ঠানটোৱে নিৰ্জুলিত পদপথত ক্ষুদ্ৰ ক্ষুদ্ৰ পুথিভঁৰাল স্থাপনেৰে এক বিশেষ প্ৰচেষ্টাৰে গঢ়ি তুলিছে একাংশ 'ষ্ট্ৰীট লাইব্ৰেৰী' ৷ অনুষ্ঠানটোৰ সঞ্চালিকা নুৰাং মীনাৰ এনে পদক্ষেপক প্ৰশংসা কৰে স্থানীয় ৰাইজে ৷ জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ মাদকতা ঘূৰাই অনাৰ প্ৰচেষ্টাৰে নুৰাং মীনাই এনে পদক্ষেপ গ্ৰহণ কৰে ৷ ইতিমধ্যে প্ৰদেশ খনৰ কেবাটাও স্থানত গঢ় লৈ উঠিছে অনুৰূপ ষ্ট্ৰীট লাইব্ৰেৰী ৷

নুৰাং লাৰ্নিং ইনষ্টিটিউটে গ্ৰহণ কৰিছে এই পদক্ষেপ

অলপতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইটযোগে শলাগ লয় এই পদক্ষেপক ৷ উল্লেখ্য যে, নুৰাং লাৰ্নিং ইনষ্টিটিউটৰ প্ৰচেষ্টাৰ ফলত অৰুণাচল প্ৰদেশৰ বিভিন্ন ক্ষেত্ৰৰ মহিলা সকলৰ মাজত প্ৰতিভাৰ বিকাশ ঘটোৱাৰ উপৰিও ভিতৰুৱা অঞ্চলৰ লোকৰ মাজত পাঠ্যপুথিৰ ব্যাপক পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ৷

অৰুণাচল প্ৰদেশৰ পদপথত ষ্ট্ৰীট লাইব্ৰেৰী
অৰুণাচল প্ৰদেশৰ পদপথত ষ্ট্ৰীট লাইব্ৰেৰী

বৰ্তমান ৰাজধানী চহৰ ইটানগৰৰ গান্ধী ময়দানৰ ওচৰত এই ষ্ট্ৰীট লাইব্ৰেৰী স্থাপন কৰা হৈছে ৷

লগতে পঢ়ক: বিৰিণা সাহিত্য বঁটা-2021 আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা-2021 ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.