ETV Bharat / city

উত্তৰ-পূবৰ বিদ্ৰোহীৰ বিৰুদ্ধে ম্যানমাৰ সেনাৰ অপাৰেশ্বন ছানৰাইজ-3

author img

By

Published : Oct 28, 2020, 2:32 PM IST

শেহতীয়াকৈ স্থলসেনাধ্যক্ষ আৰু বৈদেশিক সচিবে ভ্ৰমণ কৰিছিল ম্যানমাৰ ৷ দুয়োগৰাকী শীৰ্ষ বিষয়াৰ ভ্ৰমণৰ পিচতেই ম্যানমাৰ সেনাই আৰম্ভ কৰিছে অপাৰেশ্বন ছানৰাইজ-3 ৷

উত্তৰ-পূবৰ বিদ্ৰোহীৰ বিৰুদ্ধে ম্যানমাৰ সেনাৰ অপাৰেশ্বন ছানৰাইজ-3
উত্তৰ-পূবৰ বিদ্ৰোহীৰ বিৰুদ্ধে ম্যানমাৰ সেনাৰ অপাৰেশ্বন ছানৰাইজ-3

তেজপুৰ, 28 অক্টোবৰ : ভাৰত-ম্যানমাৰ সীমান্তত পুনৰ সক্ৰিয় হোৱা উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে কঠোৰ হৈছে ম্যানমাৰ সেনা ৷ অক্টোবৰৰ প্ৰথম ভাগত স্থলসেনাধ্যক্ষ জেন. মনোজ মুকুন্দ নাৰাৱানে আৰু বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংগলাই দুদিনীয়া ভ্ৰমণসূচীৰে ম্যানমাৰ ভ্ৰমণ কৰিছিল ৷ এই ভ্ৰমণকালতে দুয়োগৰাকী শীৰ্ষ বিষয়াই ম্যানমাৰ সেনাৰ উপ-সেনাধ্যক্ষ আৰু উপ-কামাণ্ডাৰৰ সৈতে আলোচনাত মিলিত হৈছিল ৷ এই আলোচনাতেই উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনসমূহৰ গতি-বিধি স্তব্ধ কৰাৰ বাবে সকলো পৰিকল্পনা কৰা হৈছিল আৰু আৰম্ভ হৈছিল অপাৰেশ্বন ছানৰাইজ-৩ নামে সামৰিক অভিযান ৷

আং ছ্যাং চ্যু কীৰ সৈতে ম্যানমাৰ ভ্ৰমণত যোৱা স্থলসেনাধ্যক্ষ আৰু বৈদেশিক সচিব

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, অপাৰেশ্বন ছানৰাইজ-৩ৰ দ্বাৰা ম্যানমাৰ সেনাই সাগিং এলেকাত থকা উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠন এনএছচিএন(খাপলাং)ৰ ঘাটিত অভিযান চলাইছে । ম্যানমাৰৰ পাদদেশত উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইটা উগ্ৰপন্থী সংগঠন বিশেষকৈ এনএছচিএন খাপলাং গোট আৰু আলফা স্বাধীন অন্যতম আৰু দুয়োটা সংগঠনৰ শিৱিৰ উচ্ছেদৰ বাবে এই অভিযান চলাইছে ম্যানমাৰ সেনাই ।

অপাৰেশ্বন ছানৰাইজ-১ আৰম্ভ হৈছিল 2019ৰ 17 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈ । ইয়াৰ পিছত ছানৰাইজ-2ৰ আৰম্ভ হৈছিল 16 মে'ৰ পৰা ৷ এই অভিযানত ম্যানমাৰ সেনাৰ 13 গৰাকী বিষয়া-জোৱান শ্বহীদ হৈছিল ৷ ম্যানমাৰৰ "ৰাখিনি" উগ্ৰপন্থী গোট আৰু "অৰাকণ আৰ্মী"ৰ হাতত এই 13গৰাকী সৈনিকে প্ৰাণ আহুতি দিছিল আৰু ম্যানমাৰে কাৰায়ত্ত কৰা ভাৰতৰ 22 জন উগ্ৰপন্থীৰ লোকক হস্তান্তৰ কৰিছিল ।

ভাৰত ম্যানমাৰ সীমা 1,640 কিলোমিটাৰ আৰু ই উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ,মিজোৰাম,নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ অতি গুৰুত্বপূৰ্ণ অঞ্চল সামৰি আছে । এই এলেকাত উগ্ৰপন্থীৰ কাৰ্যকলাপ যথেষ্ট পৰিমাণে বেছি ৷ চলিত মাহত মণিপুৰৰ সীমান্তৱৰ্তী এলেকাত আছাম ৰাইফলছৰ ওপৰত এক এম্বুছ হৈছিল আৰু দুজনকৈ ৰাইফলমেন শ্বহীদ হৈছিল ।

ভাৰতীয় সেনাৰ সৈতে ম্যানমাৰ সেনাৰ এটা দল

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, অপাৰেশ্বন ছানৰাইজ-3 মণিপুৰৰ সীমান্তৱৰ্তী এখন নদীৰ পাৰত ভাৰতীয় সেনাৰ সহযোগত অভিযান চলি আছে বুলি জানিব পৰা গৈছে যদিও সেনাৰ তৰফৰ পৰা কোনো তথ্য উপলদ্ধ হোৱা নাই । উল্লেখযোগ্য যে, এই ধৰণৰ অপাৰেশ্বন বছৰত দুবাৰকৈ ম্যানমাৰ সেনা আৰু ভাৰতীয় সেনাই বিদ্ৰোহীসকলৰ স্থানীয় গতিবিধিৰ ওপৰত ভিত্তি কৰি চলায় আৰু বছৰত এবাৰ যৌথভাৱে বৃহৎ অপাৰেশ্বন আৰম্ভ কৰে । দুটা কৈ অপাৰেচনৰ পিছতো "ৰাখিনি",আৰু "অৰাকণ আৰ্মী"ৰ গোটে মিজোৰামৰ সীমান্তত শিৱিৰ পাতি উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে লগ লাগি ভাৰতীয় সেনা বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি জানিব পৰা গৈছে আৰু সেয়ে এই অভিযানত ম্যানমাৰ সেনাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ।

লগতে পঢ়ক : স্থলসেনাৰ পদাতিক বাহিনী দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদক সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.