ETV Bharat / city

ভাৰতীয় সেনাৰ দখলত ৰাষ্ট্ৰীয় ৰাফটিং চেম্পিয়নশ্বিপৰ খিতাপ - বিশ্ব ৰাফটিং ফেডাৰেচনৰ সভাপতি ডেনিলো বাৰমিজ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৬ মাৰ্চত ফ্লেগ অফ কৰিছিল প্ৰতিযোগিতাখনৰ (Arunachal CM flags Off National Rafting Championship) ৷ প্ৰতিযোগিতাখনৰ চাৰিওটা শাখাতেই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাৰ দল ।

indian-army-wins-15th-national-rafting-championship
ৰাষ্ট্ৰীয় ৰাফটিং চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতীয় সেনাৰ
author img

By

Published : Mar 16, 2022, 7:44 AM IST

তেজপুৰ, 16 মাৰ্চ : ভাৰতীয় সেনা বাহিনীয়ে অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ ইংকীয়ঙত অনুষ্ঠিত 16 তম ৰাষ্ট্ৰীয় ৰাফটিং প্ৰতিযোগিতাত (15th National Rafting Championship) চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে । ভাৰতীয় সেনাৰ দলে প্ৰতিযোগিতাখনৰ চাৰিওটা শাখাতেই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । Down River Race, Slalom, Sprint আৰু RX এই চাৰিটা শাখাত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন ৷

indian-army-wins-15th-national-rafting-championship
ভাৰতীয় সেনাৰ দল

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal Pradesh CM Pema Khandu) 6 মাৰ্চত ফ্লেগ অফ কৰিছিল প্ৰতিযোগিতাখনৰ ৷ প্ৰতিযোগিতাখনৰ সকলো দিশ পৰিচালনা কৰিছিল বিশ্ব ৰাফটিং ফেডাৰেচনৰ সভাপতি ডেনিলো বাৰমিজ, ভাৰতীয় ৰাফটিং ফেডাৰেচনৰ সভাপতি সৌকত চিকাণ্ড আৰু ভাৰতীয় সেনাৰ এডভেন্সাৰ বিভাগৰ লেফ্টনেণ্ট কৰ্ণেল শচীন নিকামে ৷

indian-army-wins-15th-national-rafting-championship
ৰাষ্ট্ৰীয় ৰাফটিং চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতীয় সেনাৰ

অৰুণাচল প্ৰদেশৰ চিয়াং নদীত 8 মাৰ্চৰ পৰা আৰম্ভ হয় ৰাফটিং ৷ 11 গৰাকী পুৰুষ আৰু 4 গৰাকী মহিলাক ধৰি মুঠ 15 টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, খৰস্ৰোতা চিয়াং নদী হিমালয়ৰ নামনি অংশত অৱস্থিত আৰু ৰাফটিংৰ বাবে উপযোগী । প্ৰতিযোগিতাখনত ভাৰতীয় সেনাৰ তিনিটা দল, বৰ্ডাৰ চিকিউৰিটি ফ’ৰ্চ, বি এছ এফৰ 2টা, উত্তৰাখণ্ডৰ 2টা আৰু অৰুণাচল প্ৰদেশ, অসম, মেঘালয় আৰু কৰ্ণাটকৰ এটাকৈ দলে অংশ লৈছিল ।

লগতে পঢ়ক : লাভলীনা-হিমাৰ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে খৰচ বহন কৰিব ৰাজ্য চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.