ETV Bharat / city

ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাত উদ্ধাৰ মৃতদেহ

author img

By

Published : Jun 16, 2021, 5:33 PM IST

বৰজুলি চাহ বাগিচা (Barjuli Tea Estate)ৰ পথাৰৰ মাজত মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো বিগত সোমবাৰ অৰ্থাৎ 14 জুনৰ পৰা নিৰুদ্দেশ হৈ থকা বৰজুলি চাহ বাগিচা (Barjuli Tea Estate)ৰ ৪ নং লাইনৰ বিকাশ তাঁতীৰ বুলি জানিব পৰা গৈছে ৷

dead body found in barjuli tea estate
ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাত উদ্ধাৰ মৃতদেহ

ৰঙাপৰা, 16 জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ বৰজুলি চাহ বাগিচা (Barjuli Tea Estate)ৰ পথাৰৰ মাজত এটা মৃতদেহ উদ্ধাৰ হয় ৷ বিগত 14 জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল বৰজুলি চাহ বাগিচা (Barjuli Tea Estate)ৰ ৪ নং লাইনৰ বিকাশ তাঁতী নামৰ লোকজন ৷

সোমবাৰে মাছ মাৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল বিকাশ তাঁতী ৷ তাৰ পাছতেই নিৰুদ্দেশ হৈছিল বিকাশ তাঁতী । পৰিয়ালৰ লোকে বিচাৰ খোছাৰ কৰাৰ পাছতো সন্ধান পোৱা নাছিল ব্যক্তিজনক ৷

ৰঙাপৰা আৰক্ষী থানা (Rangapora police station)ত পৰিয়ালৰ লোকে নিৰুদ্দেশ হোৱা বুলি এখন এজাহাৰ দাখিল কৰিছিল ৷ বুধবাৰে ৰাতিপুৱা মাছ মাৰিবলৈ অহা এজন লোকে পথাৰৰ মাজত মৃতদেহটি প্ৰত্যক্ষ কৰাত বাগিচা কৰ্তৃপক্ষক খবৰ দিয়ে ৷

আৰক্ষী এটি দল ঘটনাস্থলীত উপস্থিত হৈ পথাৰৰ মাজৰ পৰা উদ্ধাৰ কৰে বিকাশ তাঁতীৰ মৃতদেহ ৷ জানিব পৰা মতে বিকাশৰ আগৰে পৰা মৃৰ্গী বেমাৰ আছিল ৷ পথাৰৰ মাজত মাছ মাৰি থকা সময়তে বিকাশৰ মৃৰ্গী বেমাৰ হোৱাৰ ফলতে মৃত্যু হোৱা বুলি ৰাইজে সন্দেহ কৰিছে ।

লগতে পঢ়ক : গালৱান কাণ্ডৰ এবছৰ : উত্তৰ-পূৱৰ ভাৰত-চীন সীমান্তত উন্নয়নৰ অগ্ৰগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.