তেজপুৰ ১৯ মাৰ্চ : সমগ্ৰ পৃথিৱীক সন্ত্ৰাসিত কৰা কৰ’ণা ভাইৰাছ প্ৰশমনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে এক নিৰ্দেশনা জাৰী কৰিছে ৷ জিলাখনত জন সমাগম ৰোধ কৰাৰ লগতে ৰাজহুৱা সভা সমিতিৰ সকলো কাৰ্যসূচী বাতিল কৰাৰ স্বাৰ্থত এই নিৰ্দেশনা জাৰী কৰিছে জিলা উপায়ুক্তই ।
ইতিমধ্যে জিলাখনৰ সকলো কথাছবি গৃহ, জিম, চুইমিং পুল আৰু সকলো শিক্ষানুষ্ঠানসমূহ অহা ২৯ মাৰ্চ পৰ্যন্ত ঘোষণা বন্ধ কৰিছে । তদুপৰি সকলো ক্ৰীড়া প্ৰতিযোগিতা, ব্যক্তিগত টিউশ্বন, কোচিং চেন্টাৰ আদি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখাৰ লগতে জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহও বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিছে । উপায়ুক্তই সকলো ৰাজহুৱা তথা ব্যক্তিগত প্ৰেক্ষাগৃহ, বিবাহ ভৱন, নাট্য মন্দিৰ আদিও জিলা প্ৰশাসনৰ অনুমতি অবিহনে বন্ধ ৰখাৰ বাবে আহ্বান জনাইছে । ইয়াৰ উপৰি সকলো জনসমাগম হোৱা স্থান, সভা, সমদল, নামকীৰ্ত্তন, থিয়েটাৰ, ধৰ্মীয় অনুষ্ঠান আদি স্থগিত ৰাখিবলৈ আহবান জনাইছে । জিলাখনত অৱস্থিত হোটেল, ল’জ আদিৰ স্বত্বাধিকাৰীসকলক হোটেলৰ আৱাসীসকলৰ ক্ষেত্ৰত ভ্ৰমণৰ সবিশেষ লোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে সন্দেহজনক কোনো তথ্য লাভ কৰিলে ততালিকে জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালিকাৰ ম’বাইল নং ৯৬৩৫০৮৬৯৮৭ ত অৱগত কৰিবলৈ নিৰ্দেশনা দিছে । জিলাখনৰ নগৰসমূহ পৰিস্কাৰকৰণৰ ক্ষেত্ৰত পৌৰসভাসমূহক বিশেষ পৰিস্কাৰকৰণ অভিযান যুদ্ধকালীনভাৱে কৰিবলৈ উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ জাৰী কৰিছে ।

ইতিমধ্যে তেজপুৰ পৌৰসভাই এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু পথৰ কাষৰ ফুটপাথৰ সকলো খোলাকৈ থকা খাদ্য বিপনী জৰুৰীভাৱে পৌৰসভাই নিৰ্দ্ধাৰণ কৰি দিয়া স্থানলৈ স্থানান্তৰিত কৰাৰ বাবেও নিৰ্দেশ জাৰী কৰিছে । জিলা দুৰ্যোগ প্ৰশমন বিভাগে ম’বাইল নং ৯৪৩৫৩৭১৬৭২ ত জৰুৰী হেল্পলাইন মুকলি কৰি ৰাইজক এই বিষয়ত প্ৰয়োজনত ফোন যোগে অৱগত কৰিবলৈ অনুৰোধ জনাইছে । জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে সকলো ধৰণৰ ৰাজহুৱা স্থান তথা কাৰ্যালয় গৃহত অনাহকত ৰাইজৰ সমাগম ত্যাগ কৰাৰ বাবে অনুৰোধ জনায় । ইয়াৰ উপৰি জিলাখনৰ সকলো সংগ্ৰহালয়, পুথিভঁড়াল, অনুজ্ঞাপত্ৰ প্ৰাপ্ত বাৰ, দেশীয় সুৰাৰ দোকান, নাইটক্লাৱ, বিউটি-পাৰ্লাৰ, চেলুন, নাপিত বা তেনে জাতীয় বিপনী পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।
উল্লেখ্য যে, এই নিৰ্দেশসমূহ তৎকালীনভাৱে জিলাখনত বলৱৎ কৰা হৈছে আৰু পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।