ETV Bharat / city

সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পৱিত্ৰ স্মৃতিত বাণিজ্য দিৱস উদযাপন - তেজপুৰত বাণিজ্য দিৱস উদযাপন

দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পবিত্ৰ স্মৃতিত তেজপুৰত বাণিজ্য দিৱস উদযাপন (Commerce Day celebrated in the memory of Bholanath Baruah) ৷ ভোলানাথ বৰুৱা প্ৰথমগৰাকী ব্যক্তি, যিয়ে ইংলেণ্ডৰ ৰাণীক অনুৰোধ কৰি ৰাজ্যত ৰে'লৰ প্ৰচলন কৰাৰ লগতে লো, টিনপাতৰ ব্যৱসায় আৰম্ভ কৰি ৰাজ্যত এক ব্যৱসায়ৰ ধাৰা সৃষ্টি কৰিছিল ৷

trade-day-celebrated-in-the-memory-of-sadagar-saud-bholanath-baruah
Trade Day celebrate: সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পৱিত্ৰ স্মৃতিত বাণিজ্য দিৱস উদযাপন
author img

By

Published : May 31, 2022, 10:17 AM IST

তেজপুৰ, 31 মে' : দানবীৰ সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পৱিত্ৰ স্মৃতিত বাণিজ্য দিৱস উদযাপন (Commerce Day celebrated in the memory of Bholanath Baruah) ৷ বিগত 2019 বছৰৰ পৰা ৩০ মে'ৰ দিনটো বাণিজ্য দিৱস ৰূপে তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই উদযাপন কৰি আহিছে ৷ লগতে অসমৰ অন্য সংগঠনসমূহকো বিশেষভাৱে এই দিৱস উদযাপন কৰিবৰ বাবে অনুৰোধ জনাই আহিছে ।

প্ৰতিবাৰৰ দৰে এইবাৰো তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ উদ্যোগত আৰু অৰুণাচল চৰকাৰী পেন্সনাৰ সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা এই সভাত তেজপুৰৰ কেইবাগৰাকীও গুণী-জ্ঞানী ব্যক্তিৰ উপস্থিতিত বীৰ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে (Commerce Day celebrated in Tezpur) ৷

trade-day-celebrated
বাণিজ্য দিৱস উদযাপন

ইয়াৰ পাছতেই বিশিষ্ট সাহিত্যিক ৰামচন্দ্ৰ চুতীয়াই মহেন্দ্ৰ নাথ হাজৰিকাৰ স্মৃতি ৰোমন্থনৰে লিখা এখন পুথি উন্মোচন কৰে । গ্ৰন্থ উন্মোচনী ভাষণত সাহিত্যিকগৰাকীয়ে ১৯৬২ ৰ চীনা আক্ৰমণৰ চাক্ষুষ বৰ্ণনা আৰু টিবিআৰ ৰে’লৰ বহু অলিখিত ইতিহাসৰ লগতে দুৰ্গম অৰুণাচলৰ পাহাৰৰ বহু নজনা কথা গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

সাউদ ভোলানাথ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সাধাৰণ সম্পাদক শান্তনু বৰুৱাই কয় যে, সাউদ ভোলানাথ বৰুৱা অসমীয়া যুৱ ব্যৱসায়ীৰ বাবে প্ৰেৰণাৰ এক অব্যয় উৎস । অসমৰ ভাষা, সাহিত্য, বাণিজ্য সংস্কৃতিৰ উত্তৰণত তেওঁৰ দৰে আন কেইবাজনো বিখ্যাত ব্যৱসায়ীৰ যি অৰিহণা, সেয়া লেখত ল’বলগীয়া ৷

যদিও অসমীয়া মানুহ ব্যৱসায়ী নহয় বুলিহে এক নঞৰ্থক বাৰ্তা সমাজলৈ অহৰহ প্ৰেৰণ হৈ আছে, এনে এক দুৰৱস্থাত অসমৰ দৰে ৰাজ্যত বাণিজ্য দিৱস উদযাপনৰে সেইসকল ব্যক্তিৰ স্মৃতিচাৰণৰে এক নতুন উদ্যম গঢ়ি তোলাৰ প্ৰয়োজন আছে ।

trade-day-celebrated
বাণিজ্য দিৱস উদযাপন

তেওঁ লগতে কয় যে, "বাণিজ্যে বসতি লক্ষ্মী" কথাষাৰক হৃদয়ংগম কৰোৱাৰ উদ্দেশ্যে হাইস্কুল পৰ্যায়ৰ পাঠ্যক্ৰমত ভোলানাথ বৰুৱা সম্পৰ্কে এটি পাঠৰ অন্তৰ্ভুক্ত কৰিবলৈকো অসম চৰকাৰৰ শিক্ষা বিভাগক অনুৰোধ কৰে । আনহাতে, বাণিজ্য বিষয়ৰ বিদ্যালয়-মহাবিদ্যালয়সমূহেও এই দিৱস পালন কৰি বৰুৱাৰ অতুলনীয় অৱদানক যথাযোগ্য সন্মান জনাব পাৰে বুলি বৰুৱাই সদৰি কৰে ।

ভোলানাথ বৰুৱা প্ৰথমগৰাকী ব্যক্তি, যিয়ে ইংলেণ্ডৰ ৰাণীক অনুৰোধ কৰি ৰাজ্যত ৰে’লৰ প্ৰচলন কৰাৰ লগতে লো, টিনপাতৰ ব্যৱসায় আৰম্ভ কৰি ৰাজ্যত এটা ব্যৱসায়ৰ ধাৰা সৃষ্টি কৰিছিল ৷ এই অনুষ্ঠানতেই তেজপুৰৰ বহু কেইবাগৰাকীও উদ্যোগী মহিলাক সন্মান জনোৱা হয় ৷

লগতে পঢ়ক: উন্নীত কৰা হ'ব তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.