ETV Bharat / city

অসমীয়া কেব নালাগে: বিলাসাপাৰা-হোজাইত আৰক্ষী প্ৰতিবাদকাৰীৰ তুমুল সংঘৰ্ষ

author img

By

Published : Dec 10, 2019, 9:25 PM IST

কেবৰ বিৰুদ্ধে নেছৰ 11 ঘন্টীয়া অসম বন্ধৰ মাজতে বিলাসীপাৰাত আছু আৰু বাঙালী ফেডাৰেচনৰ মাজত প্ৰতক্ষ্য সংঘৰ্ষ ৷ প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত আহত বিলাসীপাৰাৰ মহকুমাধিপতি ৷ হোজাইতো আৰক্ষী বন্ধ সমৰ্থকৰ মাজত সংঘাত ৷ আৰক্ষীৰ লাঠি চালনাত আহত প্ৰতিবাদকাৰী ৷ ডিফুত হিমন্তক প্ৰতিবাদকাৰীৰ ক'লা পতাকা ৷ তেজপুৰত শ্বহীদ দিৱস পালন কৰিবলৈ গৈ আছুৰ ৰোষত অগপ নেতা ৷

অসমীয়া কেব নালাগে: বিলাসাপাৰা-হোজাইত আৰক্ষী প্ৰতিবাদকাৰীৰ তুমুল সংঘৰ্ষ
অসমীয়া কেব নালাগে: বিলাসাপাৰা-হোজাইত আৰক্ষী প্ৰতিবাদকাৰীৰ তুমুল সংঘৰ্ষ

নিউজ ডেস্ক, 10 ডিচেম্বৰ : ৰাজ্যলৈ পুনৰ ঘূৰি আহিছে 79ৰ পৰিৱেশ ৷ কেব বিৰোধী আন্দোলনৰ ক'লা ধোৱাই ইমূৰৰ পৰা সিমূৰলৈ চানিছে অসম ৷ অ-সংবিধানিক কেব বাতিলৰ দাবীৰে মঙলবাৰে নেছয়ে আহ্বান জনোৱা 11 ঘন্টীয়া অসম বন্ধৰ মাজতে ধুবুৰীৰ বিলাসীপাৰা আৰু হোজাইৰ মোৰঝাৰত আৰক্ষীৰে প্ৰতক্ষ্য সংঘাতট লিপ্ত হ'ল বন্ধ সমৰ্থক ৷ একে সময়তে সাংস্কৃতিক নগৰী তেজপুৰত শ্বহীদ দিৱস উদযাপন কৰিবলৈ গৈ আছু কৰ্মী তথা ৰাইজৰ ৰোষত পৰিল শোণিতপুৰ জিলা অগপৰ একাংশ নেতা ৷

বিলাসীপাৰা: নেছৰ কেব বিৰোধী বন্ধৰ মাজতে ধুবুৰীৰ বিলাসীপাৰাত বন্ধ সমৰ্থক আছু কৰ্মী আৰু বাঙালী ফেডাৰেছনৰ মাজত সৃষ্টি হ'ল প্ৰত্যক্ষ সংঘাতৰ ৷ চহৰখনৰ ঘোষপাৰাত বন্ধ সমৰ্থকে বন্ধৰ সময়ছোৱাত খোলা ৰখা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ শান্তিপূৰ্ণ ভাৱে অনুৰোধ কৰাৰ সময়তে আছু কৰ্মীৰ ওপৰত জপিয়াই পৰে বাঙালী ফেডাৰেচন আৰু বিজেপি নেতা কৰ্মী ৷ ইয়াৰ পাছতে দুয়োটা ফৈদৰ মাজত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ৷ ইয়াৰ পাছতে ঘটনাস্থলীত মহকুমাধিপতি , আৰক্ষী অধীক্ষকসহ এটা নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰে আৰক্ষীয়ে ৷ কেব সমৰ্থক বাঙালী ফেডাৰেচন আৰু বিজেপি নেতা কৰ্মীৰ শিল গুটি নিক্ষেপত আহত হয় বিলাসীপাৰাৰ চক্ৰ বিষয়া ৷ আৰক্ষীয়ে ইতিমধ্যে দুয়োপক্ষৰে কেইবাজনো লোকক আটক কৰিছে ৷ ঘটনা সন্দৰ্ভত সকলো পক্ষক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ধুবুৰী জিলা আৰক্ষী অধীক্ষকে ৷

বিলাসীপাৰাত আছু আৰু বাঙালী ফেডাৰেচনৰ মাজত প্ৰতক্ষ্য সংঘৰ্ষ

হোজাই: মঙলবাৰে কেব বিৰোধী প্ৰতিবাদত উত্তাল হ'ল হোজাই জিলাৰ মোৰঝাৰ অঞ্চল ৷ কেবৰ বিৰুদ্ধে উলাই অহা প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল অসম আৰক্ষী ৷ আৰক্ষীলৈ শিল নিক্ষেপ কৰি আটক হ'ল ত্ৰিশজনৰো অধিক প্ৰতিবাদকাৰী ৷ দেৱস্থান-মোৰঝাৰ সংযোগী পথত কেব বাতিলৰ দাবীত স্থানীয় ৰাইজে উলিওৱা বৃহৎ প্ৰতিবাদী সমদলত সৃষ্টি হ'ল এই সংঘাতৰ ৷ প্ৰতিবাদকাৰী সকলে ৰাজপথত টায়াৰ জ্বলাই বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ, তাৰে মাজৰ একাংশই অৰ্ধ উলংগ হৈ জাতিধ্বংসী বিধেয়ৰ প্ৰতিবাদ কৰে ৷ ইফালে প্ৰতিবাদকাৰীৰ ৰুদ্ৰমূৰ্তি দেখি আৰক্ষীয়ে প্ৰথমে 30 গৰাকী প্ৰতিবাদকাৰীক আটক কৰাত পৰিস্থিতি অধিক অৱনতি ঘটে যাৰ ফলত শতাধিক প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠি চালনা কৰে ৷ এই সংঘৰ্ষত দুয়োপক্ষৰে কেইবাগৰাকী লোক আহত হয় ৷

হোজাইতো আৰক্ষী বন্ধ সমৰ্থকৰ মাজত সংঘাত

ডিফু: কাৰ্বি পাহাৰতো ক্ৰমাৎ তীব্ৰ হৈছে কেব বিৰোধী আন্দোলন ৷ মঙলবাৰে বন্ধৰ মাজতে ডিফু মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰিবলৈ আহি আছুৰ ক'লা পতাকাৰ সন্মুখীন হ'ল বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কেবৰ বিৰোধিতাৰে ওলাই অহা আছু সদস্যসকলক আৰক্ষীয়ে তৎক্ষণাত আটক কৰি ডিফু থানালৈ লৈ যায় ৷ প্ৰতিবাদকাৰী সকলে 'কেব আমি নামানো, হিমন্ত বিশ্ব শৰ্মা গ' বেক, বিজেপি মুৰ্দাবাদ আদি শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷

ডিফুত হিমন্তক প্ৰতিবাদকাৰীৰ ক'লা পতাকা

তেজপুৰ: সাংস্কৃতিক নগৰী তেজপুৰত বন্ধৰ মাজতে শ্বহীদ দিৱস পালন কৰিবলৈ গৈ প্ৰাক্তন আছু কৰ্মীৰ ৰোষত পৰিল তেজপুৰ অগপৰ নেতা-সদস্য ৷ কেবৰ বিৰুদ্ধে নেছ'ই মঙলবাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বন্ধ দিয়াৰ সময়তে তেজপুৰত অগপৰ মুখ্য কাৰ্যালয়ত অসমৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত শ্বহীদ দিৱস পালন কৰা সময়তে প্ৰাক্তন আছুৰ দলটোৱে শ্বহীদ দিৱস পালন কৰাৰ অগপৰ কোনো নৈতিক অধিকাৰ নাই বুলি কৈ উভতি ধৰে ৷ প্ৰাক্তন আছুৰ দলটোৱে অগপ কৰ্মীয়ে শ্বহীদ দিৱস পালন কৰি থকা সময়তে অগপ মুদাৰ্বাদ, অতুল বৰা নিপাত যাওঁক, ফণীভূষণ হায়-হায় শ্লগানেৰে পৰিস্থিতি উতপ্ত কৰি তোলে ৷ অগপ কৰ্মীসকলক জাতিৰ এই সন্ধিক্ষণত ৰাইজৰ লগত জড়িত হৈ কেবৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনাই প্ৰাক্তন আছু নেতা মৌচম প্ৰতিম দত্ত আৰু জান বৰাই ৷ আছুৰ এই প্ৰতিবাদৰ মাজতে অগপ নেতা-কৰ্মীয়ে ৰাইজৰ লগত থাকি দল ত্যাগ কৰাৰ আশ্বাস দিয়ে ৷

তেজপুৰত শ্বহীদ দিৱস পালন কৰিবলৈ গৈ আছুৰ ৰোষত অগপ নেতা

আৰু পঢ়ক: কেবে জ্বলাইছে ৰাজ্য : প্ৰতিবাদৰ ক'লা ধোৱাই চানিছে অসমৰ আকাশ

Intro:SLUG::BILASIPARA.AXOM BANDHA UTTAPTA PORISTHITI,
DATE - 10/12/19
Anchor - কেব"ৰ বিৰুদ্ধে আজি ১১ ঘন্টীয়া অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল বন্ধৰ আহ্বান নেছ, আছুৰ | বন্ধৰ সময়ছোৱাত বিলাসীপাৰা চহৰৰ ঘোষপাৰাত আজি দুপৰীয়া সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ |
বন্ধৰ সমৰ্থকৰ সৈতে বাঙালী ফেডাৰেচন আৰু বিজেপি নেতা কৰ্মীৰ মাজত তমুল সংঘৰ্ষ হয় |
Body:বন্ধৰ সময়ছোৱাত খোলা ৰখা ব্যাৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ যাওঁতে আছুৰ নেতা কৰ্মীৰ ওপৰত বাঙালী ফেডাৰেচন আৰু বিজেপি কৰ্মীয়ে জপিয়াই পৰাৰ অভিযোগ উঠিছে |
ইয়াকে কেন্দ্ৰ কৰি চহৰ খনত দুটা ফৈদৰ মাজত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ | পিছত
ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰাৰ মহকুমাধিপতি আৰু ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক তথা অৰ্ধ সামৰিক বাহিনীৰ জোৱান |
বন্ধৰ সমৰ্থকৰ ওপৰত আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ লাঠিচালনা | কেব সমৰ্থক বাঙালী ফেডাৰেচন আৰু বিজেপি নেতা কৰ্মীৰ শিল গুটি নিক্ষেপত আহত হয় বিলাসীপাৰাৰ চক্ৰ বিষয়া | পৰবৰ্তী সময়ত আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ জোৱানে এজন বিজেপি নেতা সহ এজন আছু নেতা আৰু বন্ধুৰ সমৰ্থক দুজনক আটক কৰে আৰক্ষীয়ে |
উল্লেখযোগ্য যে - ঘটনা সন্দৰ্ভত সকলো পক্ষক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় ধুবুৰী জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে | লগতে পৰিস্থিতি যাতে অধিক উত্তপ্ত নহয় তাৰ বাবে আহ্বান জনাইছে আছুৰ ধুবুৰী জিলা সমিতিৰ সভাপতি আৰু বাঙালী ফেডাৰেচনৰ নেতাই |
ডেক্সConclusion:Byte
1+2+প্ৰতিবাদকাৰী
3 আছু নেতা
4 বাঙালী ফেডাৰেচনৰ নেতা
5 SP ধুবুৰী |
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.