তেজপুৰ, ১২ ছেপ্টেম্বৰ : অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী পৰ্বতাৰোহী তাপী মিৰাক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰা ভাৰতীয় সেনা আৰু এছ আৰ এফৰ দলটো দেওবাৰে বেছ কেম্পত উপস্থিত হয়(Army rescue operation in search of Tapi Mra)। সেনাৰ চিতা হেলিকপ্তাৰেৰে ৭ জনীয়া সদস্যৰ এটা দলৰ ইতিমধ্যে পৰ্বত আৰোহণ কৰি প্ৰথম আৰু দ্বিতীয় বেছ (Base Camp 1,2) কেম্পত উপস্থিত হৈছে । বতৰ ফৰকাল হোৱাৰ বাবে দেওবাৰে উদ্ধাৰ অভিযান হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা ।
![Mountaineer Tapi Mra missing](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-12sept-pix-mounteneermissing-pranabkumardas-7203907_12092022075947_1209f_1662949787_1062.jpg)
সোমবাৰে পুনৰ চিতা হেলিকপ্টাৰ ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে সেনাৰ দলটো । ALH হেলিকপ্টাৰ পাহাৰৰ নামনিত ব্যৱহাৰ কৰিব পৰা হোৱা নাই বাবেই চিতা হেলিকপ্টাৰ দেওবাৰে কেইবাবাৰো উৰা মাৰে । মুঠ তিনিটা দলৰ ভিতৰত প্ৰথম দলটো দেওবাৰে নিৰ্দিষ্ট স্থানত উপস্থিত হোৱাৰ কথা সদৰী কৰে সেনাৰ সূত্ৰই ৷ আনহাতে দ্বিতীয়তো দল Longchu নামৰ পাহাৰীয়া অঞ্চলত অৱস্থান কৰিছে । পূৰ্বে সেনাৰ দলটোৱে তাপী মিৰাৰ(Mountaineer Tapi Mra missing) ভগ্নীক সাক্ষাৎ কৰে আৰু তেওঁৰ ভগ্নীও সেনাৰ অভিযানকাৰী দলটোৰ লগত থাকে ।
![Mountaineer Tapi Mra missing](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-12sept-pix-mounteneermissing-pranabkumardas-7203907_12092022075947_1209f_1662949787_885.jpg)
অত্যন্ত প্ৰতিকূল বতৰৰ বাবে দেওবাৰে কামেং নদীৰ পাৰ হ’বলৈ যথেষ্ট চেষ্টা কৰাৰ পিছতো বিফল হয় সেনাৰ দল ৷ যাৰবাবে সোমবাৰে বিশেষ বাহিনীলৈ দুয়োটা দলে এই নদী পাৰ হ’বলৈ চেষ্টা কৰিব বুলি সেনাৰ বিশেষ দলটোৱে জানিবলৈ দিয়ে । অৰুণাচল প্ৰদেশৰ যুৱ প্ৰতিভা বিভাগে ৩০ আগষ্টত আবেদন জনোৱাৰ পিছত ২৪ দিন ধৰি নিৰুদেশ হৈ থকা মিৰাক আৰু সতীৰ্থক উদ্ধাৰৰ বাবে তেজপুৰ গজৰাজ কৰ্পছয়ে(Gajraj Corps army) দুখন ALH হেলিকপ্টাৰ আৰু দুখন চিতা হেলিকপ্টাৰ সাজু কৰি ৰাখিছিল ।
![Mountaineer Tapi Mra missing](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-12sept-pix-mounteneermissing-pranabkumardas-7203907_12092022075947_1209f_1662949787_286.jpg)
প্ৰতিকূল বতৰৰ বাবে উক্ত স্থানত হেলিকপ্টাৰ অভিযান আৰম্ভ কৰিব পৰা হোৱা নাছিল । কিন্ত স্থলসেনাৰ আন এটা দলে পূব কামেঙৰ চেপাত অৱস্থান কৰিছে আৰু বতৰৰ বাবে অপেক্ষা কৰি আছে । হেলিকপ্টাৰৰ দলটোৱে স্থলসেনাৰ পৰা সংকেত পোৱাৰ ৩০ মিনিটৰ ভিতৰত সেই স্থানলৈ উৰা মাৰে । ভাৰতীয় সেনাই দুয়োগৰাকী পৰ্বত আৰোহণকাৰীক বেছ কেম্পত বিচাৰি উপস্থিত হৈছে । অৰুণাচল প্ৰদেশৰ স্কোৱাডৰ এটা দলো উদ্ধাৰ অভিযানত আছে ৷
![Mountaineer Tapi Mra missing](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-12sept-pix-mounteneermissing-pranabkumardas-7203907_12092022075947_1209f_1662949787_901.jpg)
প্ৰতিটো দলেই এটাই আনটো দলৰ সংকেতত অভিযান আৰম্ভ কৰিছে । উক্ত অঞ্চল প্ৰতিকূল বতৰ আৰু তুষাৰপাতৰ বাবে অভিযানৰ সময়ত বায়ুসেনা আৰু স্থলসেনাৰ দল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ এক ভিতৰুৱা দুৰ্গম অঞ্চলত পৰ্বতাৰোহণকাৰী দুজনে পৰ্বত আৰোহণ কৰিছিল ।
লগতে পঢ়ক: প্ৰতিকূল বতৰৰ বাবে পৰ্বতাৰোহী তাপী মিৰাৰ উদ্ধাৰ অভিযানত ব্যাঘাত