ETV Bharat / city

বিশিষ্ট অভিনেতা উদয় শংকৰ শইকীয়াৰ মৃত্যু - বিশিষ্ট অভিনেতা

Actor Uday Sangkar Dead Today
বিশিষ্ট অভিনেতা উদয় শংকৰ শইকীয়াৰ মৃত্যু
author img

By

Published : Aug 2, 2020, 6:27 PM IST

Updated : Aug 2, 2020, 10:31 PM IST

18:14 August 02

বিশিষ্ট অভিনেতা উদয় শংকৰ শইকীয়াৰ মৃত্যু হয়

বিশিষ্ট অভিনেতা উদয় শংকৰ শইকীয়াৰ মৃত্যু

তেজপুৰ,২ আগষ্টঃ অসমীয়া বোলছবি জগতৰ এগৰাকী বিশিষ্ট  অভিনেতা,নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক উদয় শংকৰ শইকীয়াৰ দেওবাৰে বিয়লি তিনি বজাত বিয়োগ ঘটিছে ৷ তেজপুৰৰ ঊষানগৰৰ বাসগৃহত বৰ্ষীয়ান শিল্পী গৰাকীয়ে দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল ৷ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ ৷ 

 শিল্পী গৰাকীয়ে অপেছাদাৰী মঞ্চকে ধৰি বহু সংখ্যক অসমীয়া চলচিত্ৰ আৰু ধৰাবাহিকত অভিনয় কৰিছিল আৰু প্ৰায় শতাধিক নাটকত অভিনয় কৰিছিল ৷  শিল্পী গৰাকীৰ বিয়োগত তেজপুৰৰ লগতে ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে ৷ 

প্ৰণিধানযোগ্য যে,কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামীকে আদি কৰি অসমৰ বৰেণ্য ব্যক্তিৰ সান্নিধ্যৰে শৈশৱৰ পৰা নাট্য চৰ্চাত ব্ৰতী হোৱা প্ৰয়াত  শইকীয়াই ১৯৫৬ চনত ন বছৰ বয়সত 'একলব্য' চৰিত্ৰৰ জৰিয়তে অভিনয়ৰ পাতনি মেলে ৷  অভিযান,কাঁচঘৰ, দূৰণিৰ ৰং ,উপপথ ,সোণমইনা, বহাগৰ দুপৰীয়া, সৰবজান,উত্তৰকাল, জলাঞ্জলি ,ভাই-ভাই, যুগান্তৰৰ তেজাল পুৱা, অতিক্ৰম, দাগ , গুণ গুণ গানে গানে আৰু স্নেহ-বন্ধন আদি ১৫ খন অসমীয়া বোলছবিত অভিনয় কৰা শিল্পী গৰাকী আছিল নাট্যকাৰ পৰিচালক তথা এগৰাকী সুনিপুন ৰূপসজ্জাকৰো ৷ তেওঁ সোণমইনা,সৰবজান , উত্তৰকাল আদি বোলছবিত ৰূপসজ্জাকৰ হিচাপেও কাম কৰিছিল ৷ 

আনহাতে, দূৰদৰ্শনৰ ১৪ খন ধাৰাবাহিকত অভিনয় কৰা শইকীয়াই ৰাজ্যৰ প্ৰথমখন ধাৰাবাহিক জীৱনৰ বাটত দালাল খণ্ডত অভিনয় কৰিছিল ৷ তদুপৰি,মলক গুইন গুইন-‘দুই বুধিয়ক’ খণ্ড, দেউতা, দলঙৰ সিটো পাৰ নাই,কালক্ষণ,অৱৰোধ,চক্ৰবেহু,আদালত,আধৰুৱা ছবি, সহধৰ্ম্মিনী,দুয়ে দুয়ে তিনি,হিন্দী ধাৰাবাহিক দেৱতা,মোহৰ আৰু আশীৰ্ব্বাদ কী ৰঙত অভিনয় কৰিছিল ৷ তদুপৰি,প্ৰয়াত শিল্পী জনে চেতনা,চোবোৱা তামোলৰ দাগ,আমাক পোহৰ লাগে,মানুহ অমানুহ,চেনাই এক্সপিডায়েট,পাকচক্ৰ,আহ আহ ওলাই আহ সজাগ জনতা চাৰি মিনটৰ  দূৰদৰ্শনৰ বাবে সংকল্প লওঁ,দুইমিনিট সময়ৰ ধুমপান বিৰোধী প্ৰতিজ্ঞা,দেওঁ,অপাৰেশ্যন নাইন জিৰ’ নাইন, অ’ ৰাইজ কাবৌ কৰিছোঁ,বাজী আদি নাট ৰচনা কৰিছিল ৷

তেজপুৰত জন্মগ্ৰহণ কৰা বিশিষ্ট শিল্পী গৰাকীয়ে ১৯৭২ ত সিহঁত নামৰ নাটকত আন্তঃমহাবিদ্যালয় যুব মহোৎসৱত বোবাৰ চৰিত্ৰ কৰি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল। বাণ থিয়েটাৰৰ আজীৱন সদস্য গৰাকীয়ে ২০০৭ ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱত সম্বৰ্দ্ধনা জনাইছিল। উল্লেখযোগ্য যে, তেওঁৰ জীৱিত কালত তেওঁৰ নামেৰে পৌৰ সভাই পথ নিৰ্মাণ কৰি উন্মোচন কৰিছিল ৷ আজি তেওঁৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধৰে তেওঁৰ বাসগৃহ ভৰি পৰে ৷ শোণিতপুৰ প্ৰশাসন,বাণথিয়েটাৰ,তেজপুৰ সাহিত্য সভা,শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন,বাঁহবাৰী ঊষা নাট্য সমাজ,নটৰাজম কলা মন্দিৰ,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ প্ৰাথমিকৰ প্ৰতিনিধিৰ উপৰিয়ো শোণিতপুৰ জিলা প্ৰশাসনৰ পৰা  অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা, পৃথ্বীৰাজ ৰাভা,তেজপুৰৰ প্ৰাক্তন পৌৰপতি  পুষ্পা ডেকা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য নিতুল বৰা আদিয়ে গভীৰ শোক প্ৰাকাশ কৰাৰ লগতে  শ্ৰদ্ধাঞ্জলি জনাই ৷ শিল্পীগৰাকীয়ে একমাত্ৰ পুত্ৰ আৰু বোৱাৰীক এৰি ইহ সংসাৰত এৰি থৈ গৈছে ৷

লগতে পঢ়ক- মৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ দুজন লোকৰ কৰুণ মৃত্যু 

Last Updated : Aug 2, 2020, 10:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.