তেজপুৰ, ১২ অক্টোবৰ: এইবাৰ সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত অৱতৰীয়া বৰষুণৰ প্ৰভাৱ প্ৰচুৰ পৰিমাণে পৰা দেখা গৈছে । পাহাৰীয়া অঞ্চলত ভূমিস্খলন আৰু অত্যাধিক বৰষুণৰ ফলত ওখ ঠাইতো প্ৰবল বৰষুণৰ পানীয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ।
বুধবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনসা চহৰৰ মাজমজিয়াত সংঘটিত হয় এক অঘটন ৷ বৰষুণৰ পানীত উটি যায় এজন যুৱক ৷ বিগত কিছুদিন ধৰি দিয়া নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ ওপৰৰ পৰা বৈ অহা পানীয়ে অঞ্চলটোত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে । ফলত বহুলোকে সমস্যাৰ সন্মুখীন হয় ৷ নেৰানেপেৰা বৰষুণৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা কৃত্ৰিম বানে ডুবাই পেলাই অঞ্চলটোৰ ৰাস্তা-পদুলি (Landslide damages road) ৷ ফলত ব্যাহত হৈ পৰে অঞ্চলটোৰ সাধাৰণলোকৰ জীৱন-যাপন ৷
এই পানী গচকি ৰাস্তা পাৰ হ’ব লওঁতেই ঘটে এই অঘটনটো ৷ উটি যায় এজন যুৱক (A man drowned in rainwater) ৷ অৱশ্যে কথমপি ৰক্ষা পৰে যুৱকজন ৷ এই সমগ্ৰ শিহৰণকাৰী দৃশ্য বন্দী হয় মোবাইলৰ কেমেৰাত ৷ ইফালে এই পানীৰ ফলত আৱদ্ধ হৈ পৰে বহুতো যান বাহন ৷ যাত্ৰীসকলেও ওখ ঠাইত আশ্ৰয় লয় । ইফালে, নেৰানেপেৰা বৰষুণৰ ফলত পূব অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাছিঘাতত সংলগ্ন পথৰ ওপৰত হোৱা ভূমিস্খলনৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰে (Landslide in Arunachal Pradesh) ।
আনফালে পশ্চিম অৰুণাচল প্ৰদেশৰ ভালোকপং-টাৱাং সংযোগী পথত মঙলবাৰে বিয়লিৰ পৰা টিপ্পি জলপ্ৰপাত (Tippi Lumum Water Falls) অঞ্চলত হোৱা ভূমিস্খলনত বিধ্বস্ত হোৱা পথটো মেৰামৰি কৰিবলগীয়া হোৱাত পথটো যাতায়তৰ বাবে বন্ধ পৰে ৷ ইয়াৰোপৰি পশ্চিম কামেং জিলাৰ অন্তৰ্গত ভালোকপং টিপিৰ জলপ্ৰপাতৰ কাষতে সংঘটিত ভূমিস্খলনৰ বাবে বৰ্তমান বৰ্ডাৰ ৰোডছ অৰ্গেনাইছেছনৰ দ্বাৰা পুনৰ নিৰ্মাণৰ কাম হৈ চলিছে ভালোকপং-চাৰিদুৱাৰ-টাৱাং পথটোত ।
তাৰোপৰি অহৰহ সংঘটিত হৈ থকা ভূমিস্খলনৰ বাবে বালিপাৰা-চাৰদুৱাৰ-টাৱাং (BCT) পথ ব্যৱহাৰ কৰা যাত্ৰীসকলক ওৰাং-কালকটাং-শ্বেৰগাঁও-ৰূপা-টাৱাং (OKSRT) পথত যাবলৈ পৰামৰ্শ দিয়া হৈছে ৷ উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টিপ্পি জলপ্ৰপাত এলেকাত বিগত ২৪ ছেপ্টেম্বৰৰ বিয়লি ৪ বজাত হোৱা ভয়ানক ভূমিস্খলনত কেবাখনো যান বাহনৰ ক্ষতিগ্ৰস্ত হয় । ৪ খন গাড়ী কামেং নদীত উটি ভাঁহি যোৱাও দেখিবলৈ পোৱা গৈছিল ৷
লগতে পঢ়ক: নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত ভূমিস্খলন