ETV Bharat / city

অখিল গগৈৰ মুক্তিৰ দাবীত সোণাৰিত প্ৰতিবাদী কাৰ্যসূচী - চৰাইদেউ জিলাৰ সদৰ সোণাৰি

কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত সোণাৰিত বিভিন্ন সংগঠনৰ যৌথ প্ৰতিবাদ ৷ অতি সোনকালে অখিল গগৈক মুক্তি নিদিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

সোণাৰিত বিভিন্ন সংগঠনৰ যৌথ প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত সোণাৰিত প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Jul 28, 2020, 5:21 PM IST

শিৱসাগৰ, 28 জুলাই : চৰাইদেউ জিলাৰ সদৰ সোণাৰি লাচিত উদ্যানত মঙলবাৰে বিভিন্ন সংগঠনৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যৌথ প্ৰতিবাদ ৷ কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি,টাই আহোম যুৱ পৰিষদ,আহোম গণমঞ্চ,লাচিত সেনা জিলা সমিতিয়ে মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত সোণাৰিত প্ৰতিবাদী কাৰ্যসূচী

সংগঠনটোৱে অসম চৰকাৰ গ’ বেক,সৰ্বানন্দ সোণোৱাল হুছিয়াৰ,অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক আদি শ্ল’গানেৰে সোণাৰিৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদৰ সময়ত সংগঠনটোৱে উল্লেখ কৰে যে,অখিল গগৈক চৰকাৰে ভয় কৰে বাবেই ভুৱা গোচৰত আজি পৰ্যন্ত কাৰাবন্দী কৰি ৰাখিছে ৷ কৃষক নেতাগৰাকীক বিনাচৰ্তে অতি শীঘ্ৰে মুক্তি নিদিলে অনাগত দিনত সংগঠন কেইটাই সমগ্ৰ ৰাজ্যত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : চলিত বৰ্ষত শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত প্ৰাণ গ'ল তিনিজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.