ETV Bharat / city

অখিল গগৈৰ মুক্তিৰ দাবীৰে আমগুৰিত উত্তাল প্ৰতিবাদ - শিৱসাগৰ জিলা

সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ সদস্য সকলে ৷

More Students Union Protest Against Govt At Amguri
অখিল গগৈৰ মুক্তিৰ দাবীত আমগুৰিত উত্তাল প্ৰতিবাদ
author img

By

Published : Jul 9, 2020, 7:55 PM IST

আমগুৰি ৯ জুলাইঃ শিৱসাগৰ জিলাৰ আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকে ধৰি জেলত আবদ্ধ কৰি ৰখা সকলো সদস্যৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে আবদ্ধ কৰি ৰখা সকলো নেতা-সদস্যক বিনা চৰ্তে মুকলি কৰি দিবলৈ চৰকাৰক দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত আমগুৰিত উত্তাল প্ৰতিবাদ

কৰ'ণা মহামাৰীৰ ফলত যিটো সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কাৰাগাৰৰ পৰা ইজনৰ পিছত সিজনকৈ কাৰাবন্দীক মুকলি কৰি দিয়া হৈছে, সেই সময়তে অখিল গগৈসহ অন্যান্য নেতাসকলক চৰকাৰে নতুন-নতুন গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ৰাখিছে । আনহাতে দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাৰ পাচতো কৃষক মুক্তি আৰু ছাত্ৰ-মুক্তিৰ নেতাকেইজনক চৰকাৰ প্ৰশাসনে উন্নত চিকিৎসা প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তাই আহোম যুৱ পৰিষদৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ সদস্য সকল ৷

তাৰোপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি অতি শীঘ্ৰে অখিল গগৈকে ধৰি সকলো কাৰাবন্দী নেতা সদস্যক বিনা চৰ্তে মুকলি কৰি দিবলৈ চৰকাৰক দাবী তুলিছে প্ৰতিবাদকাৰী সকলে ৷ চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ লগতে নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন, থলুৱা কৃষকৰ ভূমি পুঁজিপতিক গতাই দিয়া আদি সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰি যাব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ যদি নেতা কেইজনক অতি শীঘ্ৰে মুকলি কৰি নিদিয়ে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- কৰ’ণা সংক্ৰমণ:গণৰোষৰ সন্মুখীন কংগ্ৰেছ কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.