আমগুৰি, 19 আগষ্ট : বিভিন্ন সময়ত পঞ্চায়তৰ বিভাগীয় কৰ্মচাৰীৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ কিছুদিন পূৰ্বে বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনতা গাঁও পঞ্চায়তত কাঠৰ দলং (Bridge) নিৰ্মাণত ব্যাপক দুৰ্নীতি (corruption)ৰ অভিযোগ উত্থাপিত হৈছিল ৷ দলং মেৰামতিৰ নামত আৱণ্টন হোৱা ধন পঞ্চায়তৰ সভাপতিয়ে আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল ৷ ইয়াৰ পিচতেই বুধবাৰে আমগুৰিত পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা ৷
তথ্য অনুসৰি, বিগত 25 ফেব্ৰুৱাৰীত পঞ্চায়তখনৰ সচিব প্ৰধান আশীষ পালৰ বদলিৰ নিৰ্দেশ আহে ৷ এই নিৰ্দেশ লাভৰ পিছত পঞ্চায়তখনৰ গুৰুত্বপূৰ্ণ ফাইলসমূহ নৱনিযুক্ত সচিব প্ৰধান যতীন শইকীয়াক হস্তান্তৰ নকৰিলে পালে ৷ উক্ত পঞ্চায়তত যতীন শইকীয়াই যোগদান কৰাৰ সম্পূৰ্ণ ছমাহ উকলি যায় ৷ তাৰপিছতো কিন্তু পালে কোনো ধৰণৰ ফাইল আজিপৰ্যন্ত জমা নিদিলে ৷
সচিব প্ৰধানগৰাকীৰ বিৰুদ্ধে সম্প্ৰতি উত্থাপিত হৈছে এই অভিযোগ ৷ শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডৰ অধীনষ্ঠ বৰাহীবাৰী গাঁও পঞ্চায়ত আৰু নামতিদ'ল গাঁও পঞ্চায়তত চলিছে চৰম অৰাজকতা । পঞ্চায়ত দুখনত যোৱা ছটা মাহে সচিব প্ৰধানৰ ক্ষমতাক লৈ টনা-আঁজোৰাৰ ফলত উন্নয়ন স্থবিৰ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
এইক্ষেত্ৰত নৱনিযুক্ত সচিব প্ৰধান যতীন শইকীয়াই বিষয় সন্দৰ্ভত ঊৰ্ধতম কৰ্তৃপক্ষক বিষয়টো লিখিতভাৱে জনায় ৷ কিন্তু পূৰ্বৰ সচিব প্ৰধানগৰাকীয়ে এই বিষয়ত পোৱা জাননী সন্দৰ্ভত কেৰেপকে নকৰে । লগতে সমগ্ৰ বিষয়টো এৰাই চলাৰ লগতে ঊৰ্ধতম কৰ্তৃপক্ষৰ শ্ব'কজ উত্তৰ নিদিয়াৰো অভিযোগ উঠিছে । ইফালে নৱনিযুক্ত সচিব প্ৰধান যতীন শইকীয়াই জনোৱা মতে, আশীষ পালে বৰাহীবাৰী গাঁও পঞ্চায়ত 7 টা গুৰুত্বপূৰ্ণ ফাইল আৰু নামতিদ'ল গাঁও পঞ্চায়তত 24 টা গুৰুত্বপূৰ্ণ ফাইল এতিয়ালৈকে হস্তান্তৰ কৰা নাই ।
যাৰ ফলত পঞ্চায়ত দুখনৰ 2018-19 বৰ্ষ আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ উন্নয়নমূলক আঁচনিৰ কাৰ্য ৰূপায়ণ কৰিব পৰা নাই । উন্নয়ন স্তব্ধ হৈ পৰা পঞ্চায়ত দুখনৰ সচিব প্ৰধানৰ ক্ষেত্ৰত শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিভাগটোক স্বচ্ছ আৰু নিকা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে জিলাখনৰ দুখন পঞ্চায়তত যোৱা 6 টা মাহে উন্নয়ন শূণ্য হোৱা কাৰ্যই বিভাগটোৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ।
লগতে পঢ়ক: বিশৃংখল ৰূপত বাক্সাৰ জিলা কেন্দ্ৰ