নিউজ ডেস্ক, 30 নৱেম্বৰ: প্ৰতিবাদকাৰীৰ প্ৰতিবাদত উত্তাল ৰাজ্যখনৰ আকাশ-বতাহ ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা,মূল্যবৃদ্ধি, প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণ আদি বিভিন্ন বিষয়ৰ বিৰোধিতা কৰি শনিবাৰে ৰাজপথলৈ ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থা,শিক্ষক সমাজ, বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ ৰাইজ ৷

বঢ়মপুৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কামপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও জাতীয় সংগঠনৰ লগতে কামপুৰীয়া সচেতন ৰাইজে। প্ৰতিবাদকাৰীয়ে বাইক ৰেলী উলিয়াই বিভিন্ন শ্লোগানেৰে সমগ্ৰ বঢ়মপুৰ উত্তাল কৰি তোলে ৷ ইয়াৰোপৰি কামপুৰৰ কেবাটাও অঞ্চলৰ ৰাজপথত গণ জাগৰণ সভা অনুষ্ঠিত কৰি বিধেয়কৰ বিৰুদ্ধে ৰাইজক উদ্দেশ্যি সজাগতা মূলক ভাষণ প্ৰদান কৰে কামপুৰৰ সচেতন ৰাইজে।
জোনাই : ধেমাজি জিলাৰ জোনাই মহকুমাত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে জোনাইৰ মুৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰিচালনাত তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচীত মহকুমাটোৰ ডেৰ শতাধিক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।
ধৰ্ণা কাৰ্যসূচীত নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰখা,সকলো প্ৰকাৰৰ ঠিকাভিত্তিক আৰু বেতন বঞ্চিত শিক্ষকক বিনাচৰ্তে নিয়মীয়া কৰা,প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকক সপ্তম দৰমহা বিধি অনুসৰি প্ৰাপ্য দৰমহা আদায় দিয়া,ছাত্র ছাত্ৰীৰ ঐক্য সাজ যোগান দিয়া, ষষ্ঠ দৰমহা আয়োগৰ বিসংগতি দূৰ কৰি সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা,নতুন শিক্ষা নীতি ২০১৯ আৰু বিদ্যালয় শিক্ষা আইন ২০১৯ শিক্ষক বিৰোধী দফাসমূহ পৰিহাৰ কৰি শিক্ষক সংগঠনৰ সৈতে আলোচনাত অংশ গ্ৰহণ নিশ্চিত কৰা,শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাত অংশ লোৱাৰ বাবে বৃত্তিগত প্ৰশিক্ষণৰ প্ৰতিৱন্ধকতা দূৰ কৰা আৰু অপ্ৰাদেশীকৃত বিদ্যালয়ক শীঘ্ৰে প্ৰাদেশীকৃত কৰা আদি দাবীত শিক্ষকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

বঙাইগাঁও: সমগ্ৰ ৰাজ্যৰ লগতে মাণিকপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শনিবাৰে জিলাখনৰ শিক্ষক সকলে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত মাণিকপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত এই ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী লৈ আঠদফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই ধৰ্ণা কাৰ্যসূচীতে শিক্ষা মন্ত্ৰীয়ে শিক্ষকক চোৰ বনোৱা কাৰ্যক গৰিহণা দিয়ে ৷
ধুবুৰী: অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি পেট্ৰলজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি,অসমৰ বিভিন্ন সম্পদ ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰাৰ লগতে দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ অভিযোগত বিগত দুদিন ধৰি ধুবুৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলা কংগ্ৰেছে। জিলাখনৰ বিভিন্ন খণ্ড আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰামীণ ব্লক কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচত জিলা খনৰ চহৰ নগৰ অঞ্চলতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে টাউন ব্লক কংগ্ৰেছে।
তিনিচুকীয়া: সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ডুমডুমা,বাঘজান আৰু ফিল'বাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত শনিবাৰে ডুমডুমাত প্ৰতিবাদী সমদল আৰু মানৱ শৃংখল উলিওৱা হয়। উক্ত প্ৰতিবাদত অসমত বসবাস কৰা আদিবাসী লোকসকলক বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনজাতিকৰণৰ নামত কৰি অহা বঞ্চনাৰ ক্ষোভ উজাৰে প্ৰতিবাদকাৰীয়ে ।
আনহাতে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কাকপথাৰত বৃহৎ মটৰ চাইকেল সমদল বাহিৰ কৰে অঞ্চলটোৰ বহু কেইটা জাতীয় সংগঠনে ৷ প্ৰতিবাদত অঞ্চলটোৰ বহু গাঁও পৰিভ্ৰমণ কৰি ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস কৰে প্ৰতিবাদকাৰীসকলে ৷
নলবাৰী : অৰ্থনৈতিক মন্দাৱস্থা,নিবনুৱা সমস্যা,নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিকে ধৰি বিভিন্ন বিষয়ক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে শনিবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে নলবাৰীৰ কংগ্ৰেছ কৰ্মীসকলে ৷ বৰভাগ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত ৰূপায়িত ধৰ্ণা কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী স্বপ্না বেজবৰুৱা আৰু বিজুলী তালুকদাৰে।
শিৱসাগৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ বাইক ৰেলী। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ৰেলীত অংশগ্ৰহণ কৰে শতাধিক ছাত্ৰ নেতা কৰ্মী ৷ শিৱসাগৰ নগৰ আৰু দাঁতি কাষৰীয়া অঞ্চলত বিধেয়ক সন্দৰ্ভত জন সজাগতাৰ বাবে এই ৰেলী উলিয়াই প্ৰতিবাদকাৰীয়ে।