ETV Bharat / city

Bihu Donation: বিহুৰ চান্দাক লৈ সৰৱ অখিল গগৈ - Akhil Gogoi defies chief ministers instruction on bihu donation

"বিধায়ক অখিল গগৈয়ে চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰি ৰাইজৰ বৰঙণিৰ দ্বাৰা বিহু অনুষ্ঠিত কৰিব..." মঙলবাৰে শিৱসাগৰৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক সংবাদমেলত এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে বিধায়কগৰাকীয়ে (Akhil Gogoi defies chief ministers instruction on bihu donation) ৷

mla-akhil-gogoi-criticise-against-assam-cm
বিহুক লৈ সৰৱ অখিল গগৈ
author img

By

Published : Feb 8, 2022, 6:06 PM IST

শিৱসাগৰ, 8 ফেব্ৰুৱাৰী : "অসমীয়াৰ হিয়াৰ আমঠু বিহুক লৈ ৰজাঘৰীয়া নিৰ্দেশনা কোনোপধ্যে মানি লোৱা নহ'ব ৷" এইদৰে বিহুৰ চান্দাক লৈ চৰকাৰে কৰা ঘোষণাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi defies chief ministers instruction on bihu donation)।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক চান্দা বীৰ বুলিও অভিহিত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ লগতে কয় যে, যিজন লোক ছাত্ৰ স‌ংগঠনত থকাৰ পৰা মুখ্যমন্ত্ৰী হৈ থকালৈকে চান্দা উঠাই অহিছিল, সেইজনে এতিয়া বিহুৰ চান্দাক লৈ বিৰোধীতা কৰিছে । ছাত্ৰ সন্থাত থকাৰ দিনত চান্দা তোলা, আলফাৰ দিনত চান্দা তোলি আইনৰ ৰোষত পৰা, কংগ্ৰেছৰ দিনত চান্দা সংস্কৃতিক মান্যতা দিয়া, বিজেপিলৈ আহি স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ পৰা মুখ্যমন্ত্ৰী হোৱালৈকে চান্দা উঠোৱা এইজন হিমন্ত বিশ্ব শৰ্মাই বিহুক লৈ চান্দা বন্ধ কৰাৰ নিৰ্দেশনা কোনো কাৰণত গ্ৰহণযোগ্য নহয় বুলি মঙলবাৰে শিৱসাগৰৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে বিধায়কগৰাকীয়ে (Press conference organise by Akhil Gogoi) ৷

বিহুক লৈ সৰৱ অখিল গগৈ

"বলপূৰ্বক চান্দা সংগ্ৰহ মানি লোৱা নহ'ব । কিন্তু ৰাইজে স্বইচ্ছাই আগবঢ়োৱা বৰঙণি সংগ্ৰহ কৰি বিহু আমি আগৰ দৰে উদযাপন কৰিম । বিহুক লৈ চৰকাৰৰ নিৰ্দেশনা নিৰ্দেশনা কোনো কাৰণত মানি লোৱা নহ'ব " বুলি বিধায়কগৰাকীয়ে মঙলবাৰে অনুষ্ঠিত হোৱা সংবাদ মেলত স্পষ্ট কৰি দিয়ে বিধায়কগৰাকীয়ে । চান্দা উঠোৱাৰ বিৰোধ কৰা এইখন চৰকাৰে ব্যৱসায়ী সকলৰ অৱস্থা শোচনীয় বুলি উল্লেখ কৰিছে যদিও তেওঁলোকৰ অৱস্থা কিয় উন্নত কৰিব পৰা নাই বুলি এই সংবাদমেলখনত চৰকাৰক প্ৰশ্ন কৰে বিধায়ক গৰাকীয়ে ।

লগতে অখিল গগৈয়ে কয় য, জিএছটি,বিমুদ্ৰাকৰণ আৰু ক’ভিডৰ বাবে বাণিজ্যৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷ এই সকলো প্ৰৱৰ্তন কৰিছে বিজেপি চৰকাৰে । বিহু উদযাপন কৰাৰ বাবে এতিয়া বিহু সমিতি সমূহে চৰকাৰে প্ৰদান কৰা ডেৰ লাখ টকাৰ বাবে দিছপুৰলৈ মাকো মাৰি থকাৰ ব্যৱস্থা কৰিছে । বিহু সমিতি সমূহক এতিয়া চৰকাৰ আৰু বিজেপিয়ে নিয়ন্ত্ৰণ কৰাৰ এক পৰিকল্পনা কৰিছে । এনে এক প্ৰক্ৰিয়াৰ মাজেৰে মাজেৰে বিজেপি চৰকাৰে বিহুক নিঃশেষ কৰাৰ পৰিকল্পনা কৰা বুলি সাংবাদিকৰ আগত উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।

ইয়াৰেপৰি, বিধায়ক অখিল গগৈয়ে চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰি ৰাইজৰ বৰঙণিৰ দ্বাৰা বিহু অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰাৰ লগতে অসমীয়া ৰাইজক চৰকাৰে বিহুৰ ওপৰত লগোৱা লেকাম মানি নল’বলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক : ৰাজ্যত ক’ভিড বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ‍্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.