শিলচৰ, 25 আগষ্ট : মঙলবাৰে শিলচৰত উপস্থিত হয় অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰিকা ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকসহ জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ৷ গুৱাহাটীৰ পৰা চাৰিজনৰ অভিজ্ঞ চিকিৎসকক লগত লৈ মহাবিদ্যালয়খনত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷
এই চাৰিওজন চিকিৎসকে শিলচৰ থাকি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ সৈতে চিকিৎসালয়খনৰ স্বাস্থ্যসেৱা পৰ্যালোচনা কৰিব ৷
আনহাতে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে বিজেপিৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিতৰ্ক লৈয়ো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ হিমন্ত বিশ্ব শৰ্মা নেডাৰ আহ্বায়ক সেয়েহে 100বিধায়ক লৈ ৰাজ্যপালৰ ওচৰত যোৱাৰ কথা কৈছিল বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃ টীয়কৰ বিশেষভাৱে সক্ষম যুৱকৰ জীৱন সংগ্ৰাম