ডিব্ৰুগড়, 23 মাৰ্চঃ কৰ'ণাৰ পৰা ৰক্ষা পাবলৈ অসমবাসীক বিশেষ সতৰ্কতা গ্ৰহণ কৰিবলৈ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ৷ ৰাজ্যবাসীক কৰ'ণাৰ বাবে সজাগ থাকিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী মোডীৰ পদক্ষেপক সহাঁৰি জনাবলৈ
কাছাৰ, 23 মাৰ্চঃ প্ৰধানমন্ত্ৰী মোডীৰ আহ্বানক সহাঁৰি জনাই সমগ্ৰ দেশৰ সমান্তৰালকৈ কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তটো শংখ আৰু তালি বজাই প্ৰধানমন্ত্ৰীগৰাকীৰ পদক্ষেপক সমৰ্থন জনোৱা দেখা গ'ল ৷
বটদ্ৰৱা, 23 মাৰ্চঃ দবা ,কাঁহ, শংখ ঘণ্টা দেৱবাদ্যৰ মংগলিক ধ্বনিৰে মুখৰিত হ'ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ আকাশ বতাহ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰুৰীকালীন সেৱাত নিয়োজিত সকলৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ কীৰ্তনঘৰত দেখা পোৱা গ'ল এই পৰিৱেশ ৷
গুৱাহাটী, 23 মাৰ্চঃ মানৱ জাতিৰ বাবে ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছ নিপাত যোৱাৰ কামনাৰে প্ৰধানমন্ত্ৰী পদক্ষেপক সহাঁৰি জনোৱাৰ ক্ষেত্ৰত পিছপৰি নাথাকিল তাৰকাৰ লগতে মন্ত্ৰী বিধায়ক । 5 বজাৰ লগে লগে অভিনেতা যতীন বৰাই পত্নীৰ স'তে এনেদৰে ঘৰৰ ছাদৰ পৰা কাঁহ আৰু ঘণ্টা বজোৱাৰ লগতে ৰঞ্জিত দাসেও নিজ গৃহৰ সন্মুখত এনেদৰে কাঁহ বজাই জনতা কাৰ্ফিউৰ প্ৰতি সঁহাৰি জনায়
কামৰূপ, 23 মাৰ্চঃ আজি দেশজুৰি সকলোৱে সমৰ্থন কৰিলে জনতাৰ সান্ধ্য আইন । কামৰূপ জিলাৰ চাংসাৰীৰNational Disaster Rescue Force চমুকৈ NDRF ৰ মুখ্য কাৰ্যালয়ত সদস্য আৰু বিষয়া সকলেও কাঁহি-বাতি, শঙ্খ, হাততালিৰে জৰুৰীকালীন সেৱাত নিয়োজিতসকলক সন্মান জনায় ৷
বৰপেটা, 23 মাৰ্চঃ আনহাতে সমগ্ৰ দেশৰ পৰা কিছু ব্যতিক্ৰম এখন ছবিয়ো দেখা পোৱা গ'ল বৰপেটা জিলাৰ হাউলী চহৰৰ সমীপৰ বৰবালা বজাৰত ৷ বন্ধৰ পৰিৱৰ্তে বজাৰ, দোকান সকলো খোলা ৷ সংখ্যালঘু অধ্যুষিত বৰবালা বজাৰত নাই জনতা সান্ধ্য আইনৰ কোনো প্ৰভাৱ ৷ অৱশ্যে সাংবাদিকৰ কেমেৰা দেখি একাংশ ব্যৱসায়ীয়ে দোকান বন্ধ কৰি পলায়ন কৰে ৷
আজাৰা, 23 মাৰ্চঃ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰতো CISF য়ে মেডিকেল টীম, সংবাদকৰ্মী, বিমান বন্দৰৰ কৰ্মচাৰী, CISF, চাফাই কৰ্মী, বিমান কৰ্তৃপক্ষ, Loaders, Air Traffic Control, অভিযন্তা , আৰক্ষী, টেক্সী ড্ৰাইভৰ আদিক সন্মান জনোৱাৰ উদ্দেশ্যে হাততালি বজাই ।
কৰিমগঞ্জ, 23 মাৰ্চঃ প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে কৰিমগঞ্জবাসীয়ে কৰ্তব্যৰত আৰক্ষীক হাত তালি দি সন্মান জনায় ৷ আনহাতে সোমবাৰে পুৱা 8 বজালৈ কৰিমগঞ্জ জিলাৰ ৰাইজক জনতা কাৰফিউ সমৰ্থন জনাবলৈ আহ্বান জনাই জিলাশাসক এম অংগামথুনয়ে ৷ সোমবাৰৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ বাবে আবেদন জনোৱাৰ লগতে জিলাখনত 144 জাৰি কৰে প্ৰশাসনে । ইয়াৰোপৰি জিলাখনত পশ্চিমবংগৰ পৰা অহা একাংশ যুৱকক লৈ শংকিত পৰে ৰাইজ ৷ বৰ্তমান চিকিৎসাত স্বাস্থ্য পৰীক্ষা কৰা হৈছে যুৱক কেইজনৰ ৷
বঙাইগাঁও, 23 মাৰ্চঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ চহৰ আৰু গাঁওসমূহত বিভিন্ন বাদ্যযন্ত্ৰ বজাই কৰ'ণা আতংকৰ মাজতো নিজৰ কৰ্তব্যত নিয়োজিত চিকিৎসকসকলক কৃতজ্ঞতা জনায় স্থানীয় ৰাইজে ৷
হাইলাকান্দি, 23 মাৰ্চঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত দেশজুৰি চলি থকা জনতা সান্ধ্য আইনৰ সময়ত বিজেপি নেতাৰ গৌতম ৰয়ে নিজ গৃহত বিশ্ব মঙ্গলৰ বাবে এখন যজ্ঞৰ আয়োজন কৰে ৷ আনহাতে কৰ্তব্যৰত সকলৰ বাবে উলিদ্ধনী, হাত চাপৰি দিয়ে হাইলাকান্দিবাসীয়ে ৷
নলবাৰী, 23 মাৰ্চঃ কাঁহী বাতি ঢোল তাল বজাই নলবাৰীৰ ৰাইজেও উৎসাহ যোগাই কৰ'ণা ভাইৰাচ প্ৰতিৰোধৰ বাবে দিন-ৰাতি নিযোজিত চিকিৎসক, নাৰ্ছ,আৰক্ষী আদিৰ লগত জড়িত কৰ্মচাৰীসকলক ৷
লগতে পঢ়কঃ প্ৰধান মন্ত্ৰীৰ আহ্বানক সঁহাৰি ৰাজ্যবাসীৰ