শিলচৰ, 29 নৱম্বেৰ : গ্ৰেপ্তাৰ হোৱাৰ পাচতো চৰ্চাত আছে বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়(Controversy of Bengali leader Pradeep Dutta Roy) ৷ অসমীয়া ভাষাক অপমান কৰা প্ৰদীপ দত্ত ৰয় (Pradeep Dutta Roy insulted the Assamese language)ৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ কাছাৰত ৷ বৰাকত অসমীয়া ভাষাক কৰা অপমান সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি দেওবাৰে বিয়লি উত্তৰ নাৰায়ণপুৰ বজাৰত দাহ কৰে বিতৰ্কিত বাঙালী নেতাগৰাকীৰ প্ৰতিকৃতি (Effigy burnt of Pradeep Dutta Roy at North Narayanpur) ।
এই প্ৰতিবাদী সমদলটোক নেতৃত্ব দিয়ে উত্তৰ নাৰায়ণপুৰ গ্ৰাম পঞ্চায়তৰ সভাপতি তথা হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱ(Himanta Biswa Sharma fan club)ৰ প্ৰধান কৰ্মকৰ্তা এম হিফজুৰ ৰহমান লস্কৰে ৷ উল্লেখ্য যে মৰাণতো প্ৰগতিশীল যুৱ মঞ্চৰ প্ৰতিবাদকাৰী সকলে দাহ কৰে বিতৰ্কিত বাঙালী নেতাগৰাকীৰ প্ৰতিকৃতি (Effigy burnt of controversial BDF leade Pradeep Dutta Roy by Progotisil Youth Forum) । ইতিমধ্যে শনিবাৰে কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অসমীয়া বিদ্বেষী মন্তব্য কৰা বৰাকৰ নেতা প্ৰদীপ দত্ত ৰয়ক(Pradeep Dutta Roy arrested by Cachar Police)।
লগতে পঢ়ক : Chief minister against Pradeep Dutta Roy : হিন্দু সকলক ভাগ ভাগ কৰাৰ চেষ্টা চলাইছে প্ৰদীপ দত্ত ৰয়ে
উল্লখযোগ্য যে, শনিবাৰে কাছাৰ আৰক্ষীয়ে বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ(Pradeep Dutta Roy arrested) কৰাৰ আগেয়ে এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই বিতৰ্কিত নেতাজনক সকিয়নী প্ৰদান কৰাও দেখা গৈছিল (CM Himanta Warned Pradeep Dutta Roy) । তেওঁ কৈছিল যে, "আগৰ চৰকাৰবোৰৰ কথা নাজানো । কিন্তু এইখন চৰকাৰ বহুত টান । মই মুখ্যমন্ত্ৰী, কেনেকৈ কেতিয়া কি কাম কৰিব লাগে মই জানো ।'
লগতে পঢ়ক : Pradeep Dutta Roy controversy : মৰাণৰ ৰাজপথত জ্বলিল বিতৰ্কিত বঙালী নেতাৰ পুত্তলিকা