ETV Bharat / city

কৰ’ণা ভাইৰাছ সন্ত্ৰাস : শিলচৰ,কাছাৰত বন্ধ স্কুল,কলেজ সকলো শিক্ষা প্ৰতিষ্ঠান - NIT কৰ্তৃপক্ষ

সোমবাৰৰ পৰা 31 মাৰ্চলৈকে বন্ধ কৰা হৈছে শিলচৰৰ জাতীয় উদ্যোগিক প্ৰতিষ্ঠান (NIT) ৷ কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত NIT কৰ্তৃপক্ষৰ ৷ কাছাৰতো বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান ৷ কিন্তু শিক্ষক সকললৈ এক সুকীয়া বাৰ্তাই বিবুদ্ধিত পেলাইছে শিক্ষক সমাজক ৷

শিলচৰ, কাছাৰত বন্ধ স্কুল, কলেজ সকলো শিক্ষা প্ৰতিষ্ঠান

author img

By

Published : Mar 17, 2020, 9:06 AM IST

নিউজ ডেস্ক, 17 মাৰ্চ: কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে ৰাজ্য চৰকাৰে সকলো শিক্ষা প্ৰতিষ্ঠান 29 মাৰ্চ লৈ বন্ধৰ ঘোষণা কৰাৰ পাচতেই সোমবাৰৰ পৰা 31 মাৰ্চ লৈকে বন্ধ কৰা হৈছে শিলচৰৰ জাতীয় উদ্যোগিক প্ৰতিষ্ঠান (NIT) ৷ 31 মাৰ্চ লৈকে NITৰ সকলো পাঠদান,পৰীক্ষা ইত্যাদি বন্ধ থাকিব ৷ এখন জাননী জাৰি কৰি এই কথা সদৰি কৰিছে NIT কৰ্তৃপক্ষই ৷ লগতে NIT কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰী সকলোকো হোষ্টেল ত্যাগৰ নিৰ্দেশ দিয়ে ৷ অৱশ্যে বাংলাদেশ,নেপাল,আফগানিস্তান,আফ্ৰিকা আদি বিভিন্ন বিদেশী প্ৰায় 48 গৰাকী ছাত্ৰ-ছাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰি হোষ্টেলৰ ভিতৰত পৃথককৈ থকাৰ এটা বিশেষ ব্যৱস্থা কৰি দিছে NIT কৰ্তৃপক্ষই ৷ প্ৰতিষ্ঠানৰ পৰাই তেওঁলোকৰ বাবে আহাৰৰ ব্যৱস্থাও কৰি দিয়া হ'ব ৷ লগতে এই আটাইকেইজন বিদেশী ছাত্ৰ-ছাত্ৰীক নিৰ্দেশ দিয়া হৈছে যে শিলচৰৰ বাহিৰলৈ নাযাবলৈ ৷

বন্ধ কৰা হৈছে শিলচৰৰ জাতীয় উদ্যোগিক প্ৰতিষ্ঠান (NIT)

ইপিনে NIT কৰ্তৃপক্ষৰ পৰা এই নিৰ্দেশনা জাৰি কৰাৰ পাচতেই ইতিমধ্যে NITৰ হোষ্টেল এৰি ভাৰতীয় সকলো ছাত্ৰ-ছাত্ৰী ঘৰলৈ ৰাওনা হৈছে ৷ ঘৰলৈ যোৱাত ট্ৰেইনত তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় ইয়াৰ বাবেও NIT কৰ্তৃপক্ষই ৰে’লৰ সঞ্চালকৰ সৈতে কথা পাতি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ ব্যৱস্থা কৰিছে ৷

আনহাতে সোমবাৰে কাছাৰ জিলাতো দেখা গ’ল অনুৰূপ দৃশ্য ৷ কিন্তু জিলা প্ৰাথমিক শিক্ষা বিষয়াই ম’বাইলৰ জৰিয়তে শিক্ষক সকললৈ প্ৰেৰণ কৰা এক বাৰ্তাই ভীতি গ্ৰস্ত কৰি তুলিছে শিক্ষক সমাজক ৷ সাধাৰণতে স্কুল বন্ধ ঘোষণা কৰিলে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সকলো নাযায় স্কুললৈ ৷ কিন্তু কাছাৰৰ প্ৰাথমিক শিক্ষা বিষয়া সুমিত্ৰা দেৱে ম’বাইলৰ জৰিয়তে শিক্ষক সকলক উদ্দেশ্যে কৰি খণ্ড শিক্ষা বিষয়া আৰু পৰিদৰ্শক শিক্ষক সকললৈ প্ৰেৰণ কৰা বাৰ্তাটোত আতংকিত হৈ পৰিছে শিক্ষকসকল ৷

সুমিত্ৰা দেৱ

স্কুল বন্ধ থাকিলেও শিক্ষক সকল স্কুলত উপস্থিত থকাতো বাধ্যতামূলক বুলি বাৰ্তা প্ৰেৰণ কৰা হৈছে ৷ অন্যথা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ’ব বিহিত ব্যৱস্থা ৷ শিক্ষা বিষয়াগৰাকীৰ এই নিৰ্দেশৰ পিচতে মুখ খুলিছে শিলচৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ফয়জুল হক মাজাৰ ভূঞাই ৷ ইফালে, শিক্ষক সকলৰ এই অভিযোগ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে জিলা প্ৰাথমিক শিক্ষা বিষয়া সুমিত্ৰা দেৱে ৷

কাছাৰ জিলাত বন্ধ শিক্ষা প্ৰতিষ্ঠান

লগতে চাওক- ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক : সজাগতামূলক সভাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.