ETV Bharat / city

SI কাণ্ডই জোকাৰিছে নলবাৰীক

author img

By

Published : Sep 30, 2020, 3:52 PM IST

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত বৃহৎ কেলেংকাৰীৰ ঘাটি হিচাপে পৰিচিত হৈছে নলবাৰী ৷ এই কেলেংকাৰীৰ সন্দৰ্ভত উন্মোচিত হৈছে ন ন তথ্য ৷ বৰ্তমান নিতুল বৰ্মন নামৰ এগৰাকী যুৱকৰ সন্ধানত অভিযান চলাইছে নলবাৰী আৰক্ষীয়ে ৷

SI case update from nalbari assam etv bharat news
SI কাণ্ডই জোকাৰিছে নলবাৰীক

নলবাৰী, 30 ছেপ্তেম্বৰ: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত পোহৰলৈ অহা ন ন তথ্যই জোকাৰিছে ৰাজ্যক ৷ এই কেলেংকাৰীৰ একপ্ৰকাৰ ঘাটি হিচাপে পৰিচিত হোৱা নলবাৰী জিলাত উন্মোচিত হৈছে অধিক তথ্য ৷ এই কেলেংকাৰীয়ে সম্প্ৰতি ৰাজ্যত শাসনাধিষ্ঠ বিজেপি দলত খহনীয়া সৃষ্টি কৰিছে ৷

নিতুল বৰ্মনৰ সন্ধানত আৰক্ষী

জিলাখনৰ অন্যতম বিজেপি নেতা দিবন ডেকাৰ নাম এই কেলেংকাৰীত সাঙোৰ খোৱাৰ পিছত নলবাৰী আৰক্ষীয়ে আটক কৰিছিল বিজেপিৰ নৱ নিৰ্মাণ ভাৰতৰ ৰাজ্যিক সভাপতি কুলদীপ ৰাজবংশীক ৷ পৰৱৰ্তী সময়ত কুলদীপৰ ভাষ্যৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰিছিল পাঁচগৰাকী পৰীক্ষাৰ্থীক ৷ পৰীক্ষাৰ্থী কেইগৰাকীৰ মাজৰ এগৰাকী পৰীক্ষাৰ্থীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল নিতুল বৰ্মনৰ নাম ৷ বিতৰ্কিত নিতুল বৰ্মন নামৰ যুৱকগৰাকী ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনিষ্ঠ নেতা সৰ্বেশ্বৰ বৰ্মনৰ ভতিজা ৷ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগত বিগত বৰ্ষত চাকৰিত নিযুক্তি লাভ কৰা নিতুল বৰ্মন সম্প্ৰতি পলাতক ৷ নলবাৰী আৰক্ষীয়ে নিতুল বৰ্মনৰ সন্ধানত আৰক্ষীয়ে বৰ্মনৰ বাসগৃহত উপস্থিত হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে পিতৃয়ে ৷

লগতে চাওকঃ শংকৰদেৱ কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.