নলবাৰী, 30 মে': নিয়তিৰ কৰুণ পৰিহাস ৷ নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৈৰাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Kairana on National Highway 31)। ঘাইপথ পাৰ হ'বলৈ লওঁতেই চাৰি চকীয়া বাহনে মহতিয়াই লৈ যায় এজন লোকক ৷ থিতাতে নিহয় হয় প্ৰবীন হালৈ (৩১) নামৰ লোকজন ৷
প্ৰতিদিনৰ দৰে চাইকেলেৰে শাক-পাছলি বিক্ৰী কৰিবলৈ গৈছিল প্ৰবীন নামৰ লোকজন ৷ কিন্তু ঘাইপথ পাৰ হবলৈ লওঁতেই AS 01 DN 2557 নম্বৰৰ চাৰি চকীয়া বাহনৰ সৈতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ মৃত লোকজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে ৷
ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি থানালৈ লৈ আহে ৷ উল্লেখ্য যে আজিৰ দিনটোতেই বৰপেটাৰ কলগাছিয়া আৰু তেজপুৰ দোলাবাৰীত অন্য দুটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ অৱশ্যে এই দুই দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও 4 জন লোক গুৰুতৰভাৱে আহত হয় ৷ আহতকেইগৰাকীক স্থানীয় চিকিৎসাললৈ তাতলিকে প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক: বালিপৰাত অন কেমেৰা ভয়ংকৰ পথ দুৰ্ঘটনা