পাঠশালা, 7 আগষ্ট : গৰু-ছাগলীৰ চৰণীয়া পথাৰলৈ পৰ্যবাসিত হৈছে এখন ষ্টেডিয়াম ৷ পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে ষ্টেডিয়ামৰ বাসগৃহ সমূহ ৷ হাবি জংঘলৰ মাজত জৰাজীৰ্ণ অৱস্থাত আছে জিৰণী গৃহসমূহ ৷ এই ক্ষেত্ৰত গুৰুত্ব নাই বিভাগীয় কতৃপক্ষৰ ৷ এই অভিযোগ আঞ্চলবাসীৰ ৷
আমি ক’বলৈ বিচৰা এই বিশেষ ষ্টেডিয়াম খন আছে বজালী জিলাৰ গলিয়াত ৷ ষ্টেডিয়াম খনত খেলুৱৈ সকল জিৰাবৰ বাবে নিৰ্মাণ কৰা হৈছিল আবাস গৃহও ৷ কিন্তু আবাস গৃহসমূহ এতিয়া হাবি-জংঘলৰ মাজত জহি খহি গৈছে । কোঠা সমূহত পৰ্যাপ্ত দৰ্জা খিৰিকী নোহোৱাৰ বাবে মদ-জুৱাৰ ঘাটিলৈহে ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে ৷
এক প্ৰকাৰে ক’বলৈ গ’লে বজালীৰ গলিয়াৰ মিনি ষ্টেডিয়ামখন ষ্টেডিয়াম নহয় যেন গৰুৰ গোহালিহে ৷
লগতে পঢ়ক: পয়ালগা স্বাস্থ্য বিভাগ : জহি-খহি যোৱাৰ উপক্ৰম বাঘমাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ
অগপ চৰকাৰৰ দিনতে কেইবা বিঘা মাটি সাপেক্ষে গলিয়াত নিৰ্মাণ কৰা হৈছিল এই মিনি ষ্টেডিয়ামখন ৷ কিন্তু ষ্টেডিয়ামখনে আজিলৈ নাপালে পূৰ্ণাংগ ৰূপ । বহু চৰকাৰ আহিল আৰু গ’ল ৷ কিন্তু কোনো এখন চৰকাৰৰে সু-দৃষ্টি নপৰিল ষ্টেডিয়াম খনত । এতিয়া গৰু ছাগলীৰ চৰণীয়া পথাৰলৈহে পৰ্যবাসিত হৈছে এই ষ্টেডিয়ামখন ।
প্ৰতিদিনে এই ষ্টেডিয়ামখনত বৃহত্তৰ গলিয়া অঞ্চলৰ বহুতো ল'ৰা-ছোৱালীয়ে বিভিন্ন খেলৰ অনুশীলন কৰিবলৈ আহে । কিন্তু ষ্টেডিয়ামখনৰ এনে অৱস্থাই বিভিন্ন সময়ত বিপদত পেলায় খেলুৱৈ সকলক । ইপিনে ষ্টেডিয়াম খনত মাটি পেলোৱাৰ বাবে এম জি এনৰেগা (MGNREGA)ৰ ধনো ব্যয় কৰা হৈছিল ।
কিন্তু মাটি দম দম কৈ পেলাই দায়িত্ব সামৰিলে পঞ্চায়তৰ প্ৰতিনিধিয়ে । যাক লৈ ক্ষোভিত এতিয়া খেলুৱৈসকল ৷ গতিকে ষ্টেডিয়াম খনৰ পূৰ্ণাংগ ৰূপ দি খেলুৱৈ সকলক সুবিধা কৰি দিবলৈ অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী তথা বজালী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাক (Bimal Bora) দাবী জনাইছে গলিয়াবাসী ৰাইজে ।
লগতে পঢ়ক: ব্যৱহাৰৰ অভাৱত পৰিত্যক্ত অৱস্থা ভৱানীপুৰ দুগ্ধ প্ৰকল্পৰ