ETV Bharat / city

নলবাৰী জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Nov 9, 2021, 11:45 AM IST

Updated : Nov 9, 2021, 2:18 PM IST

সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলে ৷ নলবাৰীতো সাব্যস্ত কৰা হৈছিল এই প্ৰতিবাদ ৷

Employees protest at Nalbari district transport department office
নলবাৰী জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত কৰ্মচাৰীৰ প্ৰতিবাদ

নলবাৰী/মৰাণ, ৯ নৱেম্বৰ : কিছুদিন পূৰ্বে পৰিবহণ আয়ুক্ত কাৰ্যালয়ৰ পঞ্জীয়ক প্ৰদীপ সেনাপতিক অতিৰিক্ত আয়ুক্ত তথা আইএএছ বিষয়া ড৹ সদানন্দ সিংহই শাৰিৰীক অপদস্থ কৰাৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে পৰিবহণ সন্থাৰ কৰ্মচাৰীসকলে ৷

অতিৰিক্ত আয়ুক্তগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ নলবাৰী জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলেও সদৌ অসম জিলা পৰিবহণ কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে সোমবাৰে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ বাহিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰীসকলে পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অতিৰিক্ত আয়ুক্ত ড৹ সদানন্দ সিংহৰ কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে । সন্থাই ড৹ সদানন্দ সিংহৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীত ৩ নৱেম্বৰত ৰাজ্যজুৰি প্ৰেইন ডাউন কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতো কোনো ধৰণৰ পদক্ষেপ নোলোৱাত গভীৰ ক্ষোভ প্ৰকাশ কৰে ৷

আনহাতে, ডিব্ৰুগড়তো জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত কৰ্মচাৰীসকলে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অচল কৰি তোলে কাৰ্যালয়ৰ কাম-কাজ ৷ ডিব্ৰুগড়ত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কৰ্মচাৰীসকলে অতিৰিক্ত আয়ুক্ত ড৹ সদানন্দ সিংহক কঠোৰ ভাষাৰে গৰিহণা দিয়ে । সদৌ অসম চৰকাৰী জিলা পৰিবহণ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি অৰূপ বৰা, সম্পাদক মিনাৰাম দত্ত, জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক অনিল প্ৰসাদ সিংহৰ নেতৃত্বত ডিব্ৰুগড়ত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

লগতে পঢ়ক : দুবছৰ পিছত ৰাইজেই ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আনিব নেকি অনাস্থা ?

Last Updated : Nov 9, 2021, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.