ETV Bharat / city

পশ্চিম নলবাৰীৰ সাহপুৰ ৰাজঘাটত ১০১ সংখ্যক দূৰ্গা পূজা উদযাপন

পশ্চিম নলবাৰীৰ সাহপুৰ ৰাজঘাটত ১০১ সংখ্যক দূৰ্গা পূজা অনুষ্ঠিত হয় ৷ কৰ'ণা মহামাৰীৰ বাবে সাংস্কৃতিক অনুষ্ঠান তথা মনোৰঞ্জন ধৰ্মী অনুষ্ঠান আদি সকলো বাতিল কৰিলে উদযাপন সমিতিয়ে ৷

author img

By

Published : Oct 25, 2020, 9:15 AM IST

Durgapuja Celebration At Nalbari
পশ্চিম নলবাৰীৰ সাহপুৰ ৰাজঘাটত ১০১ সংখ্যক দুৰ্গা পূজা

নলবাৰী,25 অক্টোবৰঃ শনিবাৰে সম্পন্ন হ'ল মহা অষ্টমী পূজা । পিছে পূৰ্বৰ দৰে এইবাৰ নাই উৎসাহ উদ্দীপনা । Covid 19 ৰ বাবে এইবেলি দূৰ্গা পূজাত নাই জাকজমকতা । নাই কোনো বানিজ্য মেলা । তাৰ মাজতে কোভিড প্ৰট'কল মানি চলি উদযাপন কৰিলে দূৰ্গা পূজা । সকলো ভক্তই সমগ্ৰ পৃথিৱীতে অপাই অমংগল তথা শান্তি কামনাৰে দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছে ।

ইফালে কৰ'ণা মহামাৰীৰ বাবে এইবেলি ইতিহাস প্ৰসিদ্ধ ১০১ সংখ্যক সাহপুৰ ৰাজঘাট শ্ৰী শ্ৰী দূৰ্গা পূজা মহোৎসৱত সাংস্কৃতিক অনুষ্ঠান তথা মনোৰঞ্জন ধৰ্মী অনুষ্ঠান আদি সকলো বাতিল কৰিছে । প্ৰতিবছৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ সমাহাৰ ঘটা এইখন পূজাত এইবাৰ নাই থিয়েটাৰ । উল্লেখ্য যে, প্ৰতি বছৰে অসমৰ আগশাৰীৰ ৭/৮ খন ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰে সাহপুৰ ৰাজঘাট শ্ৰী শ্ৰী দূৰ্গা পূজাত ।

এইবেলি আনকি বিজয়া দশমীৰ দিনা ৰাৱণ দাহন কাৰ্যসূচীও বাতিল কৰিছে পূজা সমিতিয়ে । আনহাতে ভক্ত দৰ্শনাৰ্থী সকলেও সম্পূৰ্ণ কোভিড প্ৰট'কল মানিহে পূজাত সোমোৱাৰ ব্যৱস্থা কৰিছে পূজা সমিতিয়ে । উল্লেখ্য যে অহা ২৬ অক্টোবৰত বিজয়া দশমীৰ নিশা সামৰণি পৰিব ১০১ সংখ্যক সাহপুৰ ৰাজঘাটত শ্ৰী শ্ৰী দূৰ্গা পূজা মহোৎসৱৰ ।

লগতে পঢ়ক- নেৰানেপেৰা বৰষুণে ম্লান পেলাইছে দুৰ্গা পূজাৰ উচ্ছাহ-উদ্দীপনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.