ETV Bharat / city

নলবাৰীত মুখ্যমন্ত্ৰীৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 2, 2020, 10:30 PM IST

মুখ্যমন্ত্ৰীৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মিত ভৱন এটা ইতিমধ্যে দেওবাৰে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ উদ্বোধনী অনুষ্ঠানত সাংবাদিকৰ আগত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Chief Minister Sarbananda Sonoal Attended At Nalbari
নলবাৰীত মুখ্যমন্ত্ৰীৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

নলবাৰী, 2 আগষ্টঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে বিয়লি নলবাৰীত উপস্থিত হৈ নলবাৰী সদৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।

মুখ্যমন্ত্ৰীৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মান কৰি উলিওৱা এই ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- আৰক্ষীয়ে ৰাইজক শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বাধ্য। আৰক্ষীয়ে ৰাইজৰ লগত জনসম্পৰ্ক ৰক্ষা কৰি চলিব লাগিব। তেওঁ আৰু কয় যে-সাম্প্ৰতিক সময়ত আৰক্ষীয়েও ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজি আছে । আৰক্ষীয়ে আইন-শৃংখলা ৰক্ষাৰ কামতো নিজৰ দায়িত্ব সুনিশ্চিত ভাবে ৰূপায়ন কৰি আছে । তদুপৰি অসম আৰক্ষী সততা আৰু নিষ্ঠাৰে কাম কৰাৰ বাবেও দায়বদ্ধ ।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে- একবিংশ শতিকাত বহুতো নতুন নতুন প্ৰত্যাহ্বান আহিছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে ৰাইজক নিৰাপত্তা সুনিশ্চিত কৰি তুলিব লাগিব । সন্ত্ৰাসবাদৰ বিৰুদ্ধেও আৰক্ষীয়ে যুঁজিব লাগিব । শান্তিপ্ৰিয় সমাজত এচাম অপৰাধীয়ে শান্তি প্ৰক্ৰিয়া বিঘ্নিত কৰিছে আৰু এই অপৰাধীৰ বিৰুদ্ধে আৰক্ষী সজাগ হ'ব লাগিব। এই ক্ষেত্ৰত নাগৰিক সকলেও সচেতন হ'ব লাগিব । সম্প্ৰতি ডিজিটেলৰ যোগেদি আমি আমাৰ কাম আগবঢ়াই নিব লাগিব । উল্লেখ যোগ্য যে, আজিৰ এই সভাত পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, উপায়ুক্ত পূৰবী কোঁৱৰ, আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাকে ধৰি আৰক্ষীৰ বিষয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক- হিমন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ গোচৰ ৰুজু কৰিবলৈ বিধানসভাৰ অধ্যক্ষক অনুৰোধ বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.