ETV Bharat / city

নলবাৰীৰ চাৰিদিনীয়াকৈ আয়োজন বৰভাগ গ্ৰন্থমেলা - Covid 19

ক’ভিড মহামাৰীৰ বাবে বিগত প্ৰায় ডেৰবছৰ গ্ৰন্থৰ সুৱাসৰ পৰা বিৰত আছিল গ্ৰন্থপ্ৰেমী । এটা বিৰতিৰ পাছত অনুষ্ঠিত হোৱা বৰভাগ গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সমাদৰ লাভ কৰিছে প্ৰকাশক সকলে ।

Barbhag Book Fair held in Nalbari
নলবাৰীৰ চাৰিদিনীয়াকৈ আয়োজন বৰভাগ গ্ৰন্থমেলা
author img

By

Published : Nov 17, 2021, 10:43 PM IST

নলবাৰী, 17 নৱেম্বৰ : নলবাৰী জিলাৰ বৰভাগৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সন্ধানৰ উদ্যোগত বৰভাগ মহাবিদ্যালয় আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ সহযোগত চাৰিদিনীয়াকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে । মঙলবাৰৰ পৰা অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাত অসমৰ কেইবাটাও প্ৰথিতযশা প্ৰকাশন গোষ্ঠীয়ে অংশ লয় ।

Barbhag Book Fair held in Nalbari
নলবাৰীৰ চাৰিদিনীয়াকৈ আয়োজন বৰভাগ গ্ৰন্থমেলা

উল্লেখ্য যে, ক’ভিডৰ বাবে প্ৰায় ডেৰবছৰ গ্ৰন্থৰ সুৱাসৰ পৰা বিৰত আছিল গ্ৰন্থপ্ৰেমী । যাৰ বাবে এটা বিৰতিৰ পাছত অনুষ্ঠিত হোৱা বৰভাগ গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সমাদৰ লাভ কৰিছে প্ৰকাশকসকলে । আনহাতে বুধবাৰে দ্বিতীয় দিনটোত গ্ৰন্থমেলাত প্ৰায় ৫ খন গ্ৰন্থ উন্মোচন কৰা হয় ।

গ্ৰন্থমেলাৰ বাকৰিত বুধবাৰে উন্মোচন কৰা গ্ৰন্থকেইখন হৈছে সাংবাদিক পংকজ কুমাৰ কলিতাৰ কবিতা পুথি মৰম বৰষুণ হৈ সৰানা, সাংবাদিক আব্দুল মজিদৰ কবিতা পুথি বুঢ়াদিয়া আৰু হিৰণ্য তালুকদাৰৰ শিশু পদ্যপুথি প মানে পদ্য

গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে সাংস্কৃতিক সন্ধিয়াকে ধৰি বিভিন্ন আকৰ্ষণীয় কাৰ্যসূচীৰো আয়োজন কৰিছে ।

লগতে পঢ়ক : Food Poisoning : বোকাজানত খাদ্যত বিষক্ৰিয়াৰ ফলত পাঁচ গৰাকীকৈ যুৱতী অসুস্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.