ETV Bharat / city

Arms smuggler arrested in Nagaon: ডকাইতৰ বাবে অস্ত্ৰ সৰবৰাহ কৰি আৰক্ষীৰ জালত দুই যুৱক

author img

By

Published : Dec 21, 2021, 10:38 PM IST

নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ আন এক সফলতা । পিষ্টলসহ নগাঁও আৰক্ষীৰ জালত দুই অস্ত্ৰ সৰবৰাহকাৰী (Arms smuggler arrested by Nagaon Police)। ডকাইতৰ বাবে পিষ্টল সৰবৰাহ কৰি আনন্দ মিশ্ৰ বাহিনীৰ জালত দুই সৰবৰাহকাৰী । অপৰাধীৰ বিৰুদ্ধে তৎপৰ নগাঁও আৰক্ষী ।

Arms smuggler arrested in Nagaon
Arms smuggler arrested in Nagaon

নগাঁও, 21 ডিচেম্বৰ : চোৰ-ডকাইতকে ধৰি বিভিন্ন অপৰাধীৰ বিৰুদ্ধে সষ্টম নগাঁও আৰক্ষীয়ে লাভ কৰিলে আন এক সফলতা । এজন ডকাইতৰ বাবে অস্ত্ৰ সৰবৰাহ কৰি এইবাৰ আনন্দ মিশ্ৰ বাহিনীৰ জালত পৰিল দুই অস্ত্ৰ সৰবৰাহকাৰী (Arms smuggler arrested by Nagaon Police)। সোমবাৰে সন্ধিয়া এখন বাইকেৰে অস্ত্ৰ সৰবৰাহ কৰি থকাৰ তথ্য গোপন সূত্ৰে লাভ কৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে ৷

তৎমূহুৰ্তে হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ গৰৈমাৰীত । আৰক্ষীৰ দলটোৱে চলোৱা অভিযানৰ সময়তে অস্ত্ৰসহ জালত পৰে দুই অস্ত্ৰ সৰবৰাহকাৰী । গৰৈমাৰী পামৰ ইক্রমূল হুছেইন আৰু মিনহাজ উদ্দিন আহমেদ নামৰ সৰবৰাহকাৰী দুজন বাইকেৰে পিষ্টল লৈ গৈ থকা সময়তে আৰক্ষীৰ দলটোৱে দুয়োকে আটক কৰে (Two arms smuggler apprehended in Nagaon) ৷

ডকাইতৰ বাবে অস্ত্ৰ সৰবৰাহ কৰি আৰক্ষীৰ জালত দুই যুৱক

অভিযানত সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীৰ দলটোৱে এটা পইন্ট 22 পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় (Arm seized from Smuggler in Nagaon)। জব্দ কৰা পিষ্টলটো এটা ডকাইতৰ বাবে সৰবৰাহ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । ধৃত দুই পিষ্টল সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে হয়বৰগাঁও আৰক্ষীয়ে ।

ইপিনে নগাঁও আৰক্ষীৰ আন এটা দলে সোমবাৰে নিশা অভিযান চলায় উৰীয়াগাঁৱৰ পৰা আটক কৰে কৃষ্ণকান্ত হাজৰিকা নামৰ এটা লোকেল কাবুলিক ৷ অভিযানত আৰক্ষীৰ দলটোৱে বহু লোকৰ চহী থকা উকা দলিল জব্দ কৰিবলৈ সক্ষম হয় । লগতে কৃষ্ণকান্ত হাজৰিকাৰ ঘৰৰ পৰাই বহু লোকৰ এ টি এমসহ বহু আপত্তিজনক নথি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । ধৃত কৃষ্ণকান্ত হাজৰিকাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : জোকৰ দৰে দৰিদ্ৰৰ তেজ শুহি খোৱা সুদখোৰ কৃষ্ণকান্তক আটক নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.