নিউজ ডেস্ক, 30 নৱেম্বৰঃ শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে ভিন্ন দাবী তথা চৰকাৰী যন্ত্ৰৰ নিৰ্লিপ্ততা তথা ইয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷
যোৰহাট পৌৰসভাৰ বিৰুদ্ধে শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যোৰহাট জিলা কংগ্ৰেছে ৷ যোৰহাট পৌৰসভাৰ ভিতৰচৰাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি উক্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ যোৰহাট পৌৰসভাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰাৰ লগতে তথ্য সহকাৰে প্ৰমাণ দি প্ৰতিবাদী কাৰ্যসূচীত নামিল প্ৰাক্তন পৌৰপতি, সাতজনকৈ বৰ্তমানৰ কংগ্ৰেছৰ পৌৰসদস্য লগতে কংগ্ৰেছ কৰ্মী । যোৰহাট কংগ্ৰেছ ভৱনৰ পৰা ওলোৱা প্ৰতিবাদী সমদলেৰে চহৰখনৰ মাজৰে পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
আনহাতে, বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে দল-সংগঠনে সৰ্বত্ৰে প্ৰতিবাদ কৰাৰ সময়তে আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত শনিবাৰে টীয়কৰ এজাৰগুৰি, কাৱৈমাৰী অঞ্চলত টীয়ক অঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চাইকেল ৰেলী কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে । সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসম চৰকাৰ হুচিয়াৰ আদি ধ্বনিৰে প্ৰতিবাদকাৰীয়ে কঁপাই তোলে সমগ্ৰ পৰিবেশ ।
সমান্তৰালভাৱে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা, নিৱনুৱা সমস্যা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কমলপুৰ আৰু বিহদিয়া জাজিকোনা ব্লক কংগ্ৰেছে । কমলপুৰ ৰাজীৱ ভৱনৰ পৰা উলিয়াই প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড বেনাৰ আদি লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায়,মিছলীয়া নৰেন্দ্ৰ মোডী গ' বেক শ্লোগানেৰে কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ নেতা-কৰ্মী সকলে ।
ইফালে অৰ্থনৈতিক মন্দাৱস্থাকে ধৰি দুৰ্নীতি ছিণ্ডিকেট চলাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে দ্বিতীয় দিনাও নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নগাঁৱত জিলা কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৷ নগাঁও পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নগাঁও পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে। বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিয়ে সাধাৰণ লোকক কোঙা কৰাৰ উপৰিও কয়লা ,বালি , আলু বিলাহী সকলোতে কেৱল ছিণ্ডিকেট চলা বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা ডাঃ দুৰ্লভ চমুৱাই ।
আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত পাথাৰকান্দি শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয় প্ৰাংগনত প্ৰাথমিক শিক্ষক সকলে আঠ দফীয়া দাবীৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংস্থাৰ আহ্বানত পাথাৰকান্দি শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পুৱা দহ বজাৰ পৰা ১ বজালৈ নিজ নিজ বিদ্যালয়ত তলা ওলোমাই এই ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
ইয়াৰোপৰি, বাক্সাৰ শিক্ষক সন্মিলনীয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ সৰ্বভাৰতীয় শিক্ষক সন্মিলনীৰ আহ্বানত অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ উদ্যোগত তামুলপুৰ মহকুমা শিক্ষক সন্মিলনীৰ সহযোগত শনিবাৰে তামুলপুৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দহ বজাৰ পৰা এক বজালৈ তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শিক্ষকসকলৰ নতুন পেন্সন নীতি বাতিল কৰি পূৰ্বৰ পেন্সন নীতি বাহাল ৰখা , সকলো প্ৰকাৰৰ ঠিকাভিত্তিক আৰু বেতন বঞ্চিত শিক্ষকৰ চাকৰিৰ নিয়মীয়াকৰণ কৰা , প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক ডিগ্ৰীধাৰী শিক্ষকৰ দৰমহা বিধি অনুসৰি দৰমহা আদায় দিয়াকে ধৰি তেওঁলোকৰ পাঁচদফীয়া দাবী পূৰণৰ স্বাৰ্থত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷
ইফালে ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থা,নিৱনুৱা সমস্যা,আকাশলংঘী মূল্যবৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ সামগ্ৰীক ব্যৰ্থতাৰ প্ৰতিবাদত চিৰাং জিলাৰ বিজনী বড়োবাজাৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিভিন্ন চৰকাৰ বিৰোধী ধ্বনিৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷